Jump to content

বন্ধুত্বপূৰ্ণ পৰিৱেশৰ নীতিসমুহ

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Friendly space policies and the translation is 56% complete.

বন্ধুত্বপূৰ্ণ পৰিৱেশৰ নীতিসমুহ ব্যক্তিগত বা ভাৰ্চুৱেল ৱিকিমিডিয়া সমুদায়ৰ সমাবেশৰ নিৰ্দেশনা যি সকলো অংশগ্ৰহণকাৰীক পৰামৰ্শ দিযাৰ লগতে ইতিবাচক প্ৰচেষ্টাক উৎসাহিত কৰে আৰু অন্যান্য সকলো অংশগ্ৰহণকাৰীৰ বাবে গঠনমূলক অভিজ্ঞতা সৃষ্টি কৰে। ইয়াৰ সৈতে জড়িত ধাৰণাত্মক বিষয় হৈছে আচৰণবিধি, যি সকলো পৰিসৰত নীতি নিৰ্দেশিকা আচৰণৰ পৰ্যায়ত প্ৰযোজ্য আৰু কেৱল মাত্ৰ বন্ধুত্বপূৰ্ণ পৰিৱেশৰ নীতিসমুহ প্ৰযোজ্য হোৱা ব্যক্তিগত ঘটনা বা অনুষ্ঠানতো প্ৰযোজ্য হয়।

ৱিকিমিডিয়া অনুষ্ঠানৰ বাবে সাধাৰণ বন্ধুত্বপূৰ্ণ পৰিৱেশৰ নীতিসমুহ

ৱিকিমিডিয়া সম্প্ৰদায় লিংগ, যৌন অভিমুখিতা, লিংগ পৰিচয় বা অভিব্যক্তি, অক্ষমতা, চেহেৰা, জাতি, ধৰ্ম, বা পছন্দৰ মুক্ত অনুজ্ঞাপত্ৰ (আৰু সেই দিশবোৰত সীমাবদ্ধ নহয়) নিৰ্বিশেষে সকলোৰে বাবে এক আদৰণীয় অভিজ্ঞতা প্ৰদান কৰিবলৈ সমৰ্পিত। আমি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক হাৰাশাস্তি কৰাটো সহ্য নকৰো। এই নিয়মসমূহ উলংঘা কৰা অংশগ্ৰহণকাৰীসকলক অনুষ্ঠানৰ আয়োজকসকলৰ বিবেচনামতে অনুষ্ঠান এৰি যাবলৈ কোৱা হ'ব পাৰে।

হাৰাশাস্তিৰ সংজ্ঞা

হাৰাশাস্তিৰ ভিতৰত অন্তৰ্ভুক্ত:

  • লিংগ, যৌন অভিমুখিতা, লিংগ পৰিচয় বা প্ৰকাশ, অক্ষমতা, শাৰীৰিক চেহেৰা, শৰীৰৰ আকাৰ, জাতি, জাতিগত, ৰাজনৈতিক সংযোগ বা ধৰ্মৰ বিষয়ে আপত্তিজনক মৌখিক মন্তব্য কৰা।
  • ইচ্ছাকৃতভাৱে ভয় খুৱাই, ষ্টকিং, অবাঞ্চিত অনুসৰণ, ফটো বা ৰেকৰ্ডিঙৰ দ্বাৰা হাৰাশাস্তি কৰা, আলোচনা বা অন্যান্য অনুষ্ঠানত অহৰহ ব্যাঘাত জন্মোৱা।
  • যৌন প্ৰতিচ্ছবিৰ অনুচিত প্ৰদৰ্শন, অনুচিত শাৰীৰিক স্পৰ্শ, আৰু অবাঞ্চিত যৌন মনোযোগ।

অংশগ্ৰহণকাৰীসকলক এনে আচৰণ নকৰিবলৈ অনুৰোধ কৰা হৈছে, আৰু তেওঁলোকে তৎক্ষণাত মানি চলিব বুলি আশা কৰা হৈছে।

সংশোধনীমূলক কাৰ্য্য

যিহেতু ৱিকিমিডিয়া সম্প্ৰদায়ৰ অনুষ্ঠানসমূহ স্বেচ্ছাসেৱকৰ দ্বাৰা পৰিচালনা কৰা হয়, সেয়েহে অনুষ্ঠানৰ আয়োজকসকলে বন্ধুত্বপূৰ্ণ পৰিৱেশ নীতি বজাই ৰখাত সহায়ৰ বাবে সকলো অংশগ্ৰহণকাৰীৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপোনাক হাৰাশাস্তি কৰা হৈছে, আন কাৰোবাক হাৰাশাস্তি কৰা হৈছে বুলি লক্ষ্য কৰিছে, বা আন কোনো চিন্তা আছে অনুগ্ৰহ কৰি তৎক্ষণাত অনুষ্ঠানৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰক।

যদি আয়োজকসকলে কোনো ব্যক্তিৰ আচৰণৰ বিষয়ে চিন্তিত হয়, বা অভিযোগ লাভ কৰে, তেওঁলোকে পৰিস্থিতিৰ বাবে উপযুক্ত ব্যৱস্থা ল'ব পাৰে। ইয়াৰ ভিতৰত সংশ্লিষ্ট ব্যক্তিক ব্যক্তিগত সতৰ্কবাণীও অন্তৰ্ভুক্ত থাকিব পাৰে, অধিক গুৰুতৰ ক্ষেত্ৰত তেওঁলোকক যাবলৈ কোৱাটো প্ৰয়োজনীয় হ'ব পাৰে। ষ্টকিংৰ ক্ষেত্ৰত অনুষ্ঠানৰ কৰ্মচাৰীয়ে এস্কৰ্টৰ ব্যৱস্থা কৰিব পাৰে।

হাৰাশাস্তিৰ আচৰণৰ আৰ্হি থকা বা ব্যক্তিক হাৰাশাস্তি কৰাৰ ভাবুকি দিয়া বা কোনো অনুষ্ঠানত ব্যাঘাত জন্মাব পৰা ব্যক্তিক উপস্থিত নাথাকিবলৈ কোৱা হ’ব পাৰে।

এই নীতি ৰূপায়ণৰ বিষয়ে যিকোনো উদ্বেগ প্ৰথমে আকাংক্ষিত সময়সীমাৰ ভিতৰত অনুষ্ঠানৰ আয়োজক বা বৃহত্তৰ ৱিকিমিডিয়া সম্প্ৰদায়ক সম্বোধন কৰিব লাগে।

যোগাযোগৰ তথ্য

উপস্থিতসকলক সুৰক্ষিত হৈ থাকিবলৈ আৰু জৰুৰীকালীন অৱস্থাৰ সময়ত যোগাযোগ কৰিবলৈ সহায় কৰিবলৈ, তলত দিয়া যোগাযোগ নম্বৰসমূহ তালিকাভুক্ত কৰাটো উপযোগী:

  • অনুষ্ঠানৰ আয়োজকসকল (আদৰ্শগতভাৱে ২৪ ঘণ্টাৰ সংখ্যা)
  • স্থানীয় হোটেল/সভাস্থলীৰ নিৰাপত্তা
  • স্থানীয় আইন প্ৰয়োগকাৰী সংস্থা
  • স্থানীয় যৌন নিৰ্যাতনৰ হটলাইন
  • স্থানীয় জৰুৰীকালীন আৰু অজৰুৰীকালীন চিকিৎসা সেৱা
  • স্থানীয় টেক্সি কোম্পানী

লগতে চাওক

বিশেষ ধৰণৰ অনুষ্ঠানৰ বাবে একেধৰণৰ নীতিঃ

সম্পৰ্কীয় নীতি আৰু পৃষ্ঠাসমূহ:

বন্ধুত্বপূৰ্ণ পৰিৱেশৰ বাবে অনলাইন নীতিঃ