Jump to content

মৌখিক সংস্কৃতি প্ৰতিলিপি সঁ‌জুলি

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Oral Culture Transcription Toolkit and the translation is 100% complete.

মৌখিক সংস্কৃতি প্ৰতিলিপি সঁ‌জুলি-ত মৌখিক সংস্কৃতি কেনেকৈ ৰেকৰ্ড কৰিব লাগে, সেইবোৰ কেনেকৈ ৱিকিমিডিয়া কমন্সত আপলোড কৰিব লাগে আৰু তাৰ প্ৰতিলিপি তৈয়াৰ কৰি ৱিকিউৎসত কেনেকৈ আপলোড কৰিব লাগে, সেই বিষয়ে বিতং নিৰ্দেশনা দিয়া হৈছে। কোনো এটা সম্প্ৰদায়ৰ ভাষা আৰু সংস্কৃতি সফলতাৰে আহৰণ কৰিবলৈ প্ৰয়োজনীয় সাক্ষাৎকাৰৰ প্ৰশ্নৰ এখন তালিকাও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। সাক্ষাৎকাৰৰ এই প্ৰশ্নসমূহ ৱিকিটাংছৰ 'জেৱিছ কালচাৰ এলিচিটেচন প্ৰট’কল'ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। মৌখিক সংস্কৃতিৰ উচ্চ মানদণ্ডৰ ৰেকৰ্ডিং নিশ্চিত কৰিবলৈ দৃশ্য-শ্ৰব্য সম্পৰ্কীয় এটা অংশও ইয়াত যোগ দিয়া হৈছে। এইটো হৈছে OpenSpeaks toolkit-ৰ এটা সৰলীকৃত সংস্কৰণ।

প্ৰাৰম্ভিক গৱেষণা

এই সঁ‌জুলি ব্যৱহাৰ কৰি ভাষাৰ নথিভুক্তিকৰণ কৰিব খোজা ব্যক্তিয়ে প্ৰথমে অনলাইন প্লেটফৰ্ম, বিশ্ববিদ্যালয় আৰু ছপা মাধ্যমত (যেনে— ইউটিউব ভিডিঅ’, ইনষ্টাগ্ৰাম পেজ, ব্যাকৰণ, অভিধান, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম, ছপা আৰু ই-বুক) উপলব্ধ তথ্যসমূহ বিশ্লেষণ কৰি লোৱা উচিত, যাতে নথিভুক্তিকৰণ সম্পূৰ্ণ হয় আৰু একেটা কামৰে পুনৰাবৃত্তি নহয়। সংগ্ৰহ কৰা ভাষা আৰু তথ্যসমূহ যাতে অনলাইনত শ্বেয়াৰ কৰিব পৰা যায় আৰু সকলোৰে বাবে পঠনযোগ্য হয়, সেই লক্ষ্য মনত ৰাখিয়েই এই পদক্ষেপটো গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত আপোনাৰ সময়ো ৰাহি হ’ব, কাৰণ আপুনি ইতিমধ্যে হৈ যোৱা কাম এটা পুনৰ কৰাৰ পৰিৱৰ্তে উপলব্ধ সমলসমূহৰ সহায় লৈ কামটো আগুৱাই নিব পাৰিব।

  • আৰম্ভণিতে ​বিশ্ববিদ্যালয়, ভাষা বিভাগ আৰু থলুৱাভাষী লোকসকলৰ সৈতে যোগাযোগ কৰাটো এটা ভাল উপায়। পণ্ডিত, অধ্যাপক বা থলুৱা লোকসকলৰ সৈতে যোগাযোগ কৰোঁতে তেওঁলোকে সচৰাচৰ ব্যৱহাৰ কৰা মাধ্যমবোৰহে বাছি লোৱা উচিত। মনত ৰাখিব যে ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৰে অভ্যাস আপোনাৰ দৰে একে নহ'বও পাৰে। যিসকল লোকে আপোনাৰ ই-মেইলৰ উত্তৰ নিদিয়ে, হয়তো তেওঁলোকেই বাস্তৱ জীৱনত ভাষাৰ নথিভুক্তিকৰণৰ কামত অতি আগ্ৰহী আৰু সহায়কাৰী বুলি প্ৰমাণিত হ’ব পাৰে। এনে লোকসকলৰ সৈতে সেই অঞ্চলৰ স্থানীয় ব্যক্তি বা ভাষা অনুৰাগীসকলৰ জৰিয়তে যোগাযোগ কৰাটো অধিক সহজ হ’ব।
  • ​বিভিন্ন উৎসৰ পৰা তথ্য (যেনে— ভাষা, সাহিত্য, লোকগীত আৰু ইতিহাস আদিৰ ওপৰত কৰা গৱেষণা) সংগ্ৰহ কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপটো হ’ল সেইবোৰ অনলাইনত উপলব্ধ কৰা। ইয়াৰ বাবে আপুনি অংশগ্ৰহণকাৰীসকলৰ সন্মতি ল'ব লাগিব। আপুনি যাৰ পৰা তথ্য সংগ্ৰহ কৰিছে, সেই ব্যক্তিসকলক কপিৰাইট বা স্বত্বাধিকাৰৰ বিষয়ে অৱগত কৰাৰ প্ৰয়োজন হ’ব পাৰে; এই বিষয়ে অধিক জানিবলৈ 'দৃশ্য-শ্ৰব্য ৰেকৰ্ডিং' অংশটো চাওক। ইয়াৰ মাজৰ পৰ্যায়টো হ’ল পাঠসমূহ (texts) স্কেন কৰা আৰু ৰেকৰ্ড কৰা ভিডিঅ’ বা অডিঅ’সমূহ এক উপযুক্ত অনুজ্ঞাপত্ৰৰ (licence) অধীনত আপলোড কৰা। অনুজ্ঞাপত্ৰ আৰু কপিৰাইটৰ বিষয়ে অধিক তথ্য ‘দৃশ্য-শ্ৰব্য ৰেকৰ্ডিং আৰু আনুষঙ্গিক দিশসমূহ’ শিতানত পোৱা যাব।
  • ডিজিটেল প্লেটফৰ্মত আপোনাৰ ভাষাৰ দৃশ্যমানতা নিশ্চিত কৰিবলৈ ছপা সমল আৰু পৰম্পৰাগত কলা— এই দুয়োটাকে অনলাইনলৈ অনাটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ ভাষাটোৱে আন ভাষাৰ আৰ্হি অনুসৰণ কৰাৰ প্ৰয়োজন নাই, কাৰণ প্ৰতিটো ভাষাই এক অনন্য সংস্কৃতি আৰু পৰম্পৰাৰ বাহক। ইয়াৰ উপৰিও, লোকগীত, লোক-ইতিহাস, লোক-আচৰণ আৰু সমাজৰ সদস্যসকলৰ সাক্ষাৎকাৰৰ ভিডিঅ’ তথা অডিঅ’ ৰেকৰ্ড কৰি অনলাইন প্লেটফৰ্মত উপলব্ধ কৰাটো আপোনাৰ সংস্কৃতি আৰু ভাষাৰ বাবে এক স্থান সৃষ্টি কৰিবলৈ অতি প্ৰয়োজনীয়।
  • দৃশ্য-শ্ৰব্য নথিভুক্তিকৰণৰ সৈতে জড়িত আন এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হ’ল ফাইলসমূহৰ প্ৰতিলিপি তৈয়াৰ কৰা। ইয়াৰ দ্বাৰা সমলসমূহ নতুন, অধিক ব্যাপক আৰু ভিন্নভাৱে সক্ষম দৰ্শকৰ বাবে সহজলভ্য হোৱাটো নিশ্চিত হয়। চাবটাইটেল সৃষ্টি কৰাৰ পিছত, আপুনি আপলোড কৰা ‘ৱিকিমিডিয়া কমন্স’ৰ ফাইলটোৰ 'TimedText' শাখাত সেয়া আপলোড কৰক। তাৰ পিছত, এই প্ৰতিলিপিটো এটা ডিজিটেল পুথিভঁৰাল— ‘ৱিকিউৎস’ত উপলব্ধ কৰাওক। ইয়াৰ দ্বাৰা ডিজিটেল পুথিভঁৰালটোত বৈচিত্ৰ্য বৃদ্ধি পাব আৰু আপোনাৰ ভাষাটোৱেও এক গোলকীয় মঞ্চ লাভ কৰিব।

How to create high-quality videos and audios for language documentation? These tips help you navigate audio-visual recording with ease.

Effectiveness in language documentation is successful with preparedness, it is useful to have a list of questions that help in thorough elicitation of vocabulary.

Learn how to upload recorded videos on Wikimedia Commons, Wikimedia's media repository. Also learn how to transcribe the videos and upload them on Wikisource, Wikimedia's digital library.