কুইয়াৰিং ৱিকি ২০২৬
Appearance
Outdated translations are marked like this.

কুইয়াৰিং ৱিকি ২০২৬ সমগ্ৰ ৱিকিমিডিয়া প্ৰকল্প আৰু বিনামূলীয়া জ্ঞানৰ কুইয়াৰ অৱদানকাৰীসকলৰ বাবে এক বিশ্বব্যাপী সমাৱেশ। ই ৱিকিমিডিয়া পৰিৱেশ তন্ত্ৰৰ ভিতৰত কুইয়াৰ সম্প্ৰদায়সমূহৰ বাবে সংযোগ, সহযোগিতা আৰু সামূহিকভাৱে প্ৰতিনিধিত্ব আৰু সমতাক আগুৱাই নিয়াৰ এক স্থান।
২০২৬ চনৰ সংস্কৰণ ২৩–২৫ অক্টোবৰত কানাডাৰ ক্যুবেকৰ মণ্ট্ৰিয়েলত অনুষ্ঠিত হ’ব, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীসকলক একত্ৰিত হ’ব। ৱিকিমিডিয়া সংস্থাৰ সদস্য আৰু লগতে পূৰ্বৰ কোনো ৱিকিমিডিয়া সাংগঠনিক অংশগ্ৰহণ নথকা দুয়োশ্ৰেণীকে আমন্ত্ৰণ জনোৱা হৈছে।
উদ্দেশ্য
- দক্ষতা-বিনিময় আৰু কৰ্মশালাৰ জৰিয়তে এলজিবিটিকিউ+ ৱিকিমিডিয়ানসকলৰ বাবে সামৰ্থ্য গঢ়ি তোলা
- সমগ্ৰ ৱিকিমিডিয়া প্ৰকল্পসমূহত এলজিবিটিকিউ+ প্ৰতিনিধিত্ব শক্তিশালী কৰা
- এলজিবিটিকিউ+ ৱিকিমিডিয়াৰ অৱদানকাৰী আৰু মিত্ৰসকলৰ মাজত বিশ্বব্যাপী সংযোগ গঢ়ি তোলা
ৱিকিমিডিয়া সম্প্ৰদায়ৰ ভিতৰত আৰু বাহিৰত নিৰাপদ, অন্তৰ্ভুক্তিমূলক স্থান সৃষ্টি কৰা
সময়সীমা
Done জলপানিৰ বাবে আহ্বান: ৯–৩০ এপ্ৰিল
Done অংশগ্ৰহণকাৰীৰ পঞ্জীয়ন: ১২ মে' - ৩০ জুন
Done জলপানিৰ ফলাফল ঘোষণাঃ মে’
Done প্ৰস্তাৱৰ বাবে আহ্বান: জুন - জুলাই -- The conference is sold out!
Not done গ্ৰহণ কৰা প্ৰস্তাৱৰ ঘোষণা: জুলাই
Not done সন্মিলন: ২৩–২৫ অক্টোবৰ

