সাৰ্বজনীন আচৰণবিধি/প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী/ভোটাৰৰ তথ্য

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Universal Code of Conduct/Enforcement guidelines/Voter information and the translation is 96% complete.
Outdated translations are marked like this.
Universal Code of Conduct

সাৰ্বজনীন আচৰণবিধি (UCoC)ৰ বাবে প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহক অনুমোদিত কৰিবলৈ ২০২২ চনৰ ৭ৰ পৰা ২১ মাৰ্চৰ 23:59:59 (UTC) বজালৈকে SecurePoll-ৰ জৰিয়তে এক ভোটদান প্ৰক্ৰিয়া নিৰ্ধাৰিত কৰা হৈছে। ৱিকিমিডিয়া সমাজৰ প্ৰতিগৰাকী যোগ্য ভোটাৰেই প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ গ্ৰহণ কৰাৰ সমৰ্থন বা বিৰোধিতা কৰাৰ লগতে কাৰণ জনোৱাৰ সুযোগ পাব। UCoC-ৰ বাবে প্ৰৱৰ্তনৰ পথ আৰু প্ৰক্ৰিয়াসমূহ স্থাপন কৰিবলৈ প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ অনুমোদিত কৰাটো প্ৰয়োজনীয়। তলত ভোটদানৰ নিৰ্দেশনা আৰু ভোটাৰৰ যোগ্যতা সম্বন্ধে বিতং তথ্য পাব।

The vote is closed and the results have been published. The proposal is approved.

লগতে ভোট দিয়াৰ বিষয়ে জানিবলৈ ভোটদান-সম্বন্ধীয় সঘনাই উত্থাপিত প্ৰশ্নাৱলীও চাওক।

ভোটাৰ-প্ৰচাৰৰ স্বেচ্ছাসেৱকসকলৰ বাবে আহ্বান

আপুনি আপোনাৰ সমাজত ভোটাৰৰ সংখ্যা উন্নত কৰাত সহায় কৰিব বিচাৰে নেকি? আপোনাৰ নিৰ্বাচন বা ভোটদানৰ অভিজ্ঞতা থকাৰ প্ৰয়োজন নাই। স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ সমাজক অনুমোদন-ভোটৰ বিষয়ে অৱগত কৰোৱাত সহায় কৰিব পাৰে। আটাইবোৰ ৱিকিমিডিয়া প্ৰকল্পৰ স্বেচ্ছাসেৱকসকলকেই আদৰণি জনোৱা হৈছে! আপোনাৰ সমাজক অংশগ্ৰহণ কৰোৱাই অনুমোদন-ভোটত (৭ - ২১ মাৰ্চ ২০২২) আপোনাৰ সমাজৰ কণ্ঠ আৰু স্বাৰ্থ অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰাত সহায় কৰক! আপুনি আপডেট পাবলৈ মেটা-ৱিকিত পঞ্জীয়ন কৰি, অনুবাদ-সম্বন্ধীয় প্ৰশ্নাৱলীৰ বাবে আলোচনা-পৃষ্ঠা ব্যৱহাৰ কৰি এইটো কৰিব পাৰে নাইবা আমাক ucocproject@wikimedia.org-ত যোগাযোগ কৰিব পাৰে।

ভোটদান প্ৰক্ৰিয়া

আপুনি যদি ভোটদান কৰিবলৈ যোগ্য হয়:

  1. সাৰ্বজনীন আচৰণবিধি নীতিৰ প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ পৰ্যালোচনা কৰক।
  2. প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ গ্ৰহণ কৰাৰ সমৰ্থন কৰিব নে বিৰোধিতা কৰিব সিদ্ধান্ত লওক। যদি নিৰ্দেশনাসমূহৰ বিৰোধিতা কৰে, তেন্তে আপোনাৰ ভোটৰ সৈতে অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশনাসমূহৰ প্ৰতি পৰামৰ্শমূলক পৰিৱৰ্তনসমূহ লিখক।
  3. SecurePoll-এৰে আপোনাৰ ভোট কেনেকৈ ৰেকৰ্ড কৰিব শিকি লওক।
  4. SecurePoll ভোটদান পৃষ্ঠালৈ গৈ নিৰ্দেশনাসমূহ পালন কৰক।
  5. সমাজৰ অন্য সদস্যসকলক ভোট দিবলৈ সোঁৱৰাই দিয়ক!

কিহৰ ওপৰত ভোট দি থকা হৈছে?

ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ নিজস্ব UCoC-ৰ অনুমোদনৰ পাচত ব'ৰ্ডে প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীৰ প্ৰস্তাৱত এক সামাজিক ভোটদানৰ প্ৰতি সমৰ্থন জনাইছে। ট্ৰাষ্টীসকলে মধ্যস্থতা সমিতিসমূহৰ যুটীয়া পত্ৰৰ লগতে স্বেচ্ছাসেৱী কৰ্মকৰ্তা, সহযোগী সদস্য আৰু খচৰা সমিতিৰ জৰীপৰ দ্বাৰা প্ৰকাশিত এনে ভোটৰ সমৰ্থনকো স্বীকৃতি দিয়ে।

২০৩০ চনৰ কৌশলগত লক্ষ্যসমূহৰ এটা মুখ্য পৰামৰ্শ আছিল হাৰাশাস্তিৰ সহনশীলতা অবিহনে সমগ্ৰ আন্দোলনৰ বাবে গ্ৰহণযোগ্য আচৰণৰ এক বিশ্বব্যাপী ভিত্তিৰেখা প্ৰদান কৰিবলৈ UCoC-ৰ সহযোগিতামূলক সৃষ্টি।

সাৰ্বজনীন আচৰণবিধি প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী

এই নিৰ্দেশনাসমূহ সাৰ্বজনীন আচৰণবিধি প্ৰৱৰ্তনৰ বাবে। UCoC-ক পূৰ্বতে ব'ৰ্ড অৱ ট্ৰাষ্টীজ-এ অনুমোদন জনাইছিল যদিও ইয়াক সমাজে অনুমোদিত কৰা নাই। ইয়াত অন্তৰ্ভুক্ত আছে প্ৰতিৰোধমূলক, গুপ্তচৰমূলক আৰু অনুসন্ধানমূলক পদক্ষেপৰ লগতে সাৰ্বজনীন আচৰণবিধি উলংঘনৰ মোকাবিলা কৰিবলৈ লোৱা অন্যান্য পদক্ষেপ। সকলো অনলাইন আৰু অফলাইন ৱিকিমিডিয়া প্ৰকল্প, অনুষ্ঠান আৰু তৃতীয় পক্ষৰ মঞ্চত আয়োজিত সম্পৰ্কীয় ঠাইসমূহত নিৰ্ধাৰিত কৰ্মকৰ্তাসকলৰ দ্বাৰা প্ৰাথমিকভাৱে প্ৰৱৰ্তন পৰিচালনা কৰা হ'ব― অথচ এইটো কৰ্মকৰ্তাসকললৈ সীমাবদ্ধ নহয়। এইটো সমগ্ৰ ৱিকিমিডিয়া আন্দোলনজুৰি এক সংগঠিত, সময়োপযোগী আৰু ধাৰাবাহিকভাৱে কৰা হ'ব।

UCoC-ৰ প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীত দুটা অংশ আছে:

  • প্ৰতিৰোধমূলক কাম
    • UCoC-ৰ সজাগতা বৃদ্ধি কৰা, UCoC প্ৰশিক্ষণৰ পৰামৰ্শ দিয়া, ইত্যাদি।
  • প্ৰতিক্ৰিয়াশীল কাম
    • অভিযোগ কৰাৰ বাবে এক প্ৰক্ৰিয়াৰ বিশদ-বিৱৰণ প্ৰস্তুত কৰা, উলংঘনৰ অভিযোগসমূহ সংসাধন কৰা, অভিযোগ কৰা উলংঘনৰ বাবে সাধন প্ৰদান কৰা, উলংঘনৰ বাবে প্ৰৱৰ্তন নিৰ্ধাৰণ কৰা, ইত্যাদি।

আপুনি কিয় ভোট দিব লাগে?

UCoC-ৰ বাবে প্ৰৱৰ্তনৰ পথ, প্ৰক্ৰিয়া আৰু কাৰ্যকলাপ চূড়ান্ত কৰাৰ বাবে প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী অনুমোদিত কৰাটো প্ৰয়োজনীয়। প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীত ভোটদান প্ৰক্ৰিয়াটো UCoC-ৰ প্ৰতি সমাজৰ সমৰ্থন মূল্যাংকন কৰিবলৈ আৰু বৰ্তমানৰ প্ৰস্তাৱসমূহক লৈ ভোটাৰসকলৰ আপত্তি থাকিলে মতামত সংগ্ৰহ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। যিকোনো প্ৰকাৰে, আপোনাৰ ভোটৰ জৰিয়তে আপোনাৰ কণ্ঠ শুনাটো গুৰুত্বপূৰ্ণ আৰু যদি "নহয়" বুলি ভোট দিয়ে, তেন্তে আপোনাৰ কোনটো অংশক লৈ চিন্তা হৈছে আৰু কিয়― সেইবোৰ স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল― ভোটদান কৰাটোৱে:

  • আপোনাৰ ৱিকিমিডিয়া প্ৰকল্পৰ অভিমতে বিশ্বব্যাপী ভোটত প্ৰতিনিধিত্ব পোৱাটো সুনিশ্চিত কৰিব।

কেনেকৈ ভোটদান কৰিব

SecurePoll ভোটদানৰ এটা মকআপ। বিশেষকৈ মন কৰিব যে ভোটৱিকিয়ে আপুনি লগিন কৰা নাই বুলি পৰামৰ্শ দিব পাৰে। আপোনাৰ ভোট তথাপিও ধৰা হ'ব।

SecurePoll-লৈ যোৱাৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ ভোটদানৰ অভিজ্ঞতা সুচাৰুৰূপে সম্পাদন কৰিবপৰাকৈ উপযোগী তথ্য পাবলৈ আপুনি এই শাখাটো পঢ়ি ল'ব।

* ভোটটোৱে ভোটদানৰ প্ৰশ্ন দিব আৰু দুটা বিকল্প আগবঢ়াব: "নহয়" আৰু "হয়"
  • এটা "মন্তব্য" বাকচে প্ৰস্তাৱিত নিৰ্দেশনাৱলীক লৈ আপোনাৰ কিবা উদ্বিগ্নতা থাকিলে আপোনাক মন্তব্য কৰাৰ ঠাই দিব।
  • তাৰপাচত SecurePoll-এ আপোনাক জনাব যে আপোনাৰ ভোট ৰেকৰ্ড কৰা হৈছে।
  • আপুনি নিৰ্বাচনত পুনৰ ভোট দিব পাৰে। ই আপোনাৰ পূৰ্বৰ ভোটটো বাতিল কৰি পেলায়। আপুনি যেইবাৰ বিচাৰে সেইবাৰেই এইটো কৰিব পাৰে।

ভোটদানৰ ফলাফল কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব?

অংশগ্ৰহণ কৰা ব্যৱহাৰকাৰীসকলৰ তৰফৰ পৰা 50%তকৈ অধিক সমৰ্থনৰ প্ৰয়োজন হ'ব যাতে ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ অনুমোদনৰ দিশে আগবাঢ়িব পাৰি। বৰ্তমানে, ভোটদান প্ৰক্ৰিয়াত সফল/অসফল নিৰ্ধাৰণ কৰিবলৈ আন্দোলনটোত কোনো নিৰ্দিষ্ট অধিনিয়ম মানি চলা নহয় (কিছুমান প্ৰক্ৰিয়াত অতিসংখ্যাগৰিষ্ঠতাৰ (⅔) ওচৰা-উচৰি কিবা এটা সংখ্যা ব্যৱহাৰ কৰা হয়, আনহাতে আনবোৰত সাধাৰণ সংখ্যাগৰিষ্ঠতা (50% +1) ব্যৱহাৰ কৰা হয় আৰু আন কিছুমানততো সংখ্যাগত ভোট-গণনা সম্পূৰ্ণৰূপে বৰ্জ্জন কৰা হয়)। এই প্ৰক্ৰিয়াটোক বাস্তৱ জগতৰ ক্ষেত্ৰাধিকাৰৰ বেছিভাগ গণমতৰ অনুৰূপ কৰি ৰাখিবলৈ এক সাধাৰণ সংখ্যাগৰিষ্ঠতা-ভিত্তিক ভোটদান প্ৰক্ৰিয়া বাছনি কৰা হৈছে।

ভোটাৰসকলক সোধা হ'ব কোনবোৰ উপাদান সলনি কৰিব লাগে আৰু কিয়। যদি ভোটদান প্ৰক্ৰিয়াটোত সংখ্যাগৰিষ্ঠ "নহয়" ভোট প্ৰতিফলিত হয়, তেনেহ'লে UCoC প্ৰকল্পৰ দলে "নহয়" বুলি ভোট দিয়াসকলে দৰ্শোৱা কাৰণসমূহ নামবিহীন কৰি প্ৰকাশ কৰিব আৰু এক সংক্ষিপ্ত প্ৰতিবেদন প্ৰস্তুত কৰিব। দুয়োখন UCoC খচৰা সমিতিৰ সদস্যসকলক এখন সংশোধন সমিতি গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ব; এই গোটটোৱে ভোটদান প্ৰক্ৰিয়াত উত্থাপিত উদ্বিগ্নতাসমূহৰ ওপৰত ভিত্তি কৰি নিৰ্দেশনাৱলীৰ উন্নতিসাধনৰ ওপৰত দৃষ্টি ৰাখিব। এই প্ৰক্ৰিয়াৰ দৰেই, সংশোধনসমূহ পুনৰীক্ষণৰ বাবে প্ৰকাশ কৰা হ'ব আৰু দ্বিতীয়টো ভোট অনুষ্ঠিত কৰা হ'ব।

সত্যতা প্ৰমাণিত কৰিবলৈ ভোটদান প্ৰক্ৰিয়াটো পৰীক্ষা কৰাত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বাহিৰৰ লোক জড়িত হ'বনে?

ভোটৰ ফলাফলৰ অনিয়মতা পৰীক্ষা অনা-কৰ্মচাৰী ৱিকিমেডিয়ানসকলৰ দ্বাৰা কৰা হ'ব― যিসকলৰ আন্দোলনৰ ভোটদান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞতা আছে। ভোটৰ পৰীক্ষকসকল হৈছে:

  • Sj – প্ৰাক্তন ট্ৰাষ্টী, প্ৰাক্তন অধীক্ষক
  • User:Tks4Fish – বৰ্তমানৰ অধীক্ষক, পৰ্তুগীজ ৱিকিপিডিয়াৰ প্ৰশাসক, চেক-ইউজাৰ আৰু নিৰীক্ষক
  • Matanya – বৰ্তমানৰ অধীক্ষক, হিব্ৰু ৱিকি আৰু কমঞ্চৰ প্ৰশাসক, ক্ষুদ্ৰ ৱিকি নিৰীক্ষণ দলৰ সদস্য
  • TheresNoTime – বৰ্তমানৰ অধীক্ষক, প্ৰশাসক, ইংৰাজী ৱিকিৰ চেক-ইউজাৰ আৰু নিৰীক্ষক, মেটাৰ প্ৰশাসক

ভোটদানৰ যোগ্যতা

ভোটদানৰ যোগ্যতা ৱিকিমিডিয়া ব'ৰ্ড অৱ ট্ৰাষ্টীৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। নিম্নতম কাৰ্যকলাপৰ প্ৰয়োজনীয়তা পূৰণ কৰা সকলো পঞ্জীভুক্ত ৱিকিমিডিয়া অৱদানকাৰী, সহযোগী আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কৰ্মচাৰী তথা ঠিকাদাৰ (১৭ জানুৱাৰী ২০২২ৰ পূৰ্বে নিযুক্ত) আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বৰ্তমানৰ তথা প্ৰাক্তন ট্ৰাষ্টীসকলে SecurePoll-ত প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীৰ প্ৰস্তাৱত ভোট দিয়াৰ সুযোগ পাব।

সম্পাদকসকল

আপুনি ৱিকিমিডিয়া ৱিকিত থকা আপোনাৰ যিকোনো এটা পঞ্জীভুক্ত একাউণ্টৰ পৰা ভোট দিব পাৰে। আপোনাৰ একাউণ্টৰ সংখ্যা নিৰ্বিশেষে আপুনি কেৱল এবাৰহে ভোট দিব পাৰিব। যোগ্যতা অৰ্জন কৰিবলৈ এই একাউণ্টটো:

  • এটাতকৈ অধিক প্ৰকল্পত ব্লক হৈ থাকিব নোৱাৰিব;
  • আৰু ব'ট হ'ব নোৱাৰিব;
  • আৰু ইয়াৰ ৭ ফেব্ৰুৱাৰী ২০২২ৰ পূৰ্বে ৱিকিমিডিয়া ৱিকিত কমেও ৩০০টা সম্পাদনা থাকিব লাগিব;
  • আৰু ৭ আগষ্ট ২০২১ আৰু ৭ ফেব্ৰুৱাৰী ২০২২ৰ ভিতৰত কমেও ২০টা সম্পাদনা থাকিব লাগিব।

বুনিয়াদী সম্পাদকসকলৰ ভোট দিয়াৰ যোগ্যতা সম্পৰ্কে খৰতকীয়াকৈ পৰীক্ষা কৰি চাবলৈ একাউণ্ট-যোগ্যতা সঁজুলি ব্যৱহাৰ কৰিব পাৰি।

বিকাশকাৰীসকল

বিকাশকাৰীসকল ভোট দিয়াৰ যোগ্য যদি তেওঁলোক:

  • ৱিকিমিডিয়া ছাৰ্ভাৰৰ শ্বেল এক্সেছ থকা প্ৰশাসক।
  • বা Gerrit-ত ৱিকিমিডিয়াৰ কোনো ৰিপ'জিটৰীত ৭ আগষ্ট ২০২১ আৰু ৭ ফেব্ৰুৱাৰী ২০২২ৰ মাজত কমেও এটা মাৰ্জ হোৱা কমিট সাব্যস্ত কৰিছে।

অতিৰিক্ত চৰ্ত:

  • বা nonwmf-extensions বা nonwmf-skins-ৰ কোনো ৰিপ'জিটৰীত ৭ আগষ্ট ২০২১ আৰু ৭ ফেব্ৰুৱাৰী ২০২২ৰ মাজত কমেও এটা মাৰ্জ হোৱা কমিট সাব্যস্ত কৰিছে।
  • বা ৱিকিমিডিয়াৰ কোনো সঁজুলিৰ ৰিপ'জিটৰী (উদাহৰণস্বৰূপে― magnustools)ত ৭ আগষ্ট ২০২১ আৰু ৭ ফেব্ৰুৱাৰী ২০২২ৰ মাজত কমেও এটা মাৰ্জ হোৱা কমিট সাব্যস্ত কৰিছে।
  • বা translatewiki.netত ৭ ফেব্ৰুৱাৰী ২০২২ৰ পূৰ্বে কমেও ৩০০টা সম্পাদনা কৰিছে আৰু ৭ আগষ্ট ২০২১ আৰু ৭ ফেব্ৰুৱাৰী ২০২২ৰ মাজত কমেও ২০টা সম্পাদনা কৰিছে।
  • বা ৱিকিমিডিয়া ৱিকিৰ কোনো সঁজুলি, ব'ট, ব্যৱহাৰকাৰীৰ স্ক্ৰিপ্ট, গেজেট আৰু লুৱা মডিউলৰ ৰক্ষণাবেক্ষণকাৰী/অৱদানকাৰী।
  • বা ৱিকিমিডিয়া-সম্পৰ্কীয় কাৰিকৰী বিকাশৰ ডিজাইন আৰু/বা পৰ্যালোচনা প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে জড়িত হৈছে।

মন কৰিব: যদি আপুনি মুখ্য চৰ্তসমূহ পূৰণ কৰে, তেন্তে আপুনি তৎক্ষণাৎ ভোট দিবলৈ সক্ষম হ'ব। SecurePoll-ৰ কাৰিকৰী সীমাবদ্ধতাৰ কাৰণে অতিৰিক্ত চৰ্ত পূৰণ কৰা লোকসকলে পোনপটীয়াকৈ ভোট দিব নোৱাৰিবও পাৰে, যদিহে তেওঁলোকে আন কোনো চৰ্ত পূৰণ নকৰে। যদি আপুনি ভাবে যে আপুনি অতিৰিক্ত চৰ্ত পূৰণ কৰিছে, তেন্তে অনুগ্ৰহ কৰি ভোটদানৰ অন্তিম তাৰিখৰ কমেও চাৰি দিন পূৰ্বে যুক্তিসহ ucocproject@wikimedia.org-ক ইমেইল কৰক।

ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কৰ্মচাৰী আৰু ঠিকাদাৰসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বৰ্তমানৰ কৰ্মচাৰী আৰু ঠিকাদাৰসকল ভোট দিয়াৰ যোগ্য যদি তেওঁলোকক ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা ১৭ জানুৱাৰী ২০২২ তাৰিখৰ ভিতৰত নিযুক্তি দিয়া হৈছে।

ৱিকিমিডিয়া আন্দোলনৰ সহযোগীসকলৰ কৰ্মচাৰী আৰু ঠিকাদাৰসকল

বৰ্তমানৰ ৱিকিমিডিয়া অধ্যায়, বিষয়ভিত্তিক সংগঠন বা ব্যৱহাৰকাৰী গোটৰ কৰ্মচাৰী আৰু ঠিকাদাৰসকল ভোট দিয়াৰ যোগ্য যদি তেওঁলোকক ১৭ জানুৱাৰী ২০২২ তাৰিখৰ ভিতৰত তেওঁলোকৰ সংগঠনৰ দ্বাৰা নিযুক্তি দিয়া হৈছে।

ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডৰ সদস্যসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ বৰ্তমানৰ থকা প্ৰাক্তন সদস্যসকল ভোট দিয়াৰ যোগ্য।

ভোটদান-সম্বন্ধীয় সঘনাই উত্থাপিত প্ৰশ্নাৱলী

  1. মই মোৰ যোগ্যতা কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ?
    সম্পাদকসকলে চলিত নিৰ্বাচনত যোগ্যতা পৰীক্ষা কৰিবলৈ একাউণ্ট-যোগ্যতা সঁজুলি ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনাৰ গণনা আৰু বৰঙণিৰ ইতিহাসৰ বিষয়ে অধিক জানিবলৈ গোলকীয় একাউণ্টৰ তথ্য-পৃষ্ঠা উপলব্ধ।
  2. যোগ্যতাৰ প্ৰয়োজনীয়তা কেনেকৈ নিৰ্ধাৰণ কৰা হয়?
    ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডে নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে যোগ্যতাৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰে। এই প্ৰয়োজনীয়তাসমূহ ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ নিৰ্বাচনৰ অনুৰূপ।
  3. যোগ্য ভোটাৰে ভোট দিব নোৱাৰে
    আপুনি এটা বাৰ্তা পাব পাৰে: "ক্ষমা কৰিব, আপুনি এই নিৰ্বাচনত ভোট দিবলৈ কৰ্তৃত্বপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ পূৰ্বনিৰ্ধাৰিত তালিকাত নাই।"
    সমাধানসমূহ

    আপুনি লগিন হৈ থকাটো নিশ্চিত কৰিব।

    আপুনি মেটা-ৱিকিৰ পৰা ভোট দিয়াটো নিশ্চিত কৰিব, আপুনি ভোটদানৰ আৰম্ভণি পৃষ্ঠালৈ যাবলৈ এই লিংকটো ব্যৱহাৰ কৰিব পাৰে।

    যদি আপুনি এগৰাকী বিকাশকাৰী, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কৰ্মচাৰী বা উপদেষ্টা-মণ্ডলীৰ সদস্য, তেন্তে নিৰ্বাচন সমিতিয়ে আপোনাৰ লগত মিলা কোনো নিৰ্দিষ্ট ব্যৱহাৰকাৰী-নাম বিচাৰি নাপাবও পাৰে। তালিকাত যুক্ত হ'বলৈ আপুনি ucocproject@wikimedia.org-ৰ সৈতে যোগাযোগ কৰা উচিত।

    যদি আপুনি তথাপিও ভোট দিব পৰা নাই আৰু পাৰিব লাগে বুলি ভাবে, তেন্তে অনুগ্ৰহ কৰি নিৰ্বাচনৰ আলোচনা-পৃষ্ঠাত এটা বাৰ্তা এৰি যাওক নাইবা ucocproject@wikimedia.org-ত নিৰ্বাচন সমিতিৰ সৈতে যোগাযোগ কৰক। ৭২ ঘণ্টাৰ ভিতৰত উত্তৰ পোৱাৰ আশা কৰিব পাৰি।

  4. মই ভোটৱিকিত লগিন কৰিব পৰা নাই
    ভোট দিবলৈ আপুনি ভোটৱিকিত লগিন কৰাৰ প্ৰয়োজন নাই। যদি আপুনি মতদান দেখা পায়, তেন্তে SecurePoll-এ আপোনাক সফলতাৰে চিনাক্ত কৰিছে। সুৰক্ষাজনিত কাৰণত, ভোটৱিকিত কেৱল সীমিত-সংখ্যক একাউণ্ট পঞ্জীয়ন কৰা হৈছে।
  5. মই কাক ভোট দিছোঁ কোনোবাই চাব পাৰে নেকি?
    নোৱাৰে, নিৰ্বাচনটো সুৰক্ষিত। নিৰ্বাচনত SecurePoll ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে। ভোটসমূহ গোপন। নিৰ্বাচন সমিতি, ব'ৰ্ড বা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কোনো কৰ্মচাৰীয়েই সেইবোৰ চাব নোৱাৰে। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বিশ্বাস আৰু নিৰাপত্তা দলৰ এগৰাকী সদস্যৰ হাতত নিৰ্বাচনটোৰ এনক্ৰিপশ্যনৰ চাবি আছে। চাবিটো এবাৰ সক্ৰিয় হ'লেই নিৰ্বাচন স্থগিত কৰা হয়।
  6. ভোটাৰসকলৰ বিষয়ে কি কি তথ্য সংগ্ৰহ কৰা হয়?

    ভোটাৰৰ কিছুমান ব্যক্তিগতভাৱে চিনাক্ত কৰিবপৰা তথ্য নিৰ্বাচিত কেইগৰাকীমান ব্যক্তিয়ে চাব পাৰে যিয়ে নিৰ্বাচনৰ পৰীক্ষা আৰু হিচাপ-কিতাপ কৰে। উপৰোক্ত অনুমোদন পৰীক্ষকসকলৰ তালিকা চাওক।

    ইয়াত IP ঠিকনা আৰু ব্যৱহাৰকাৰীৰ এজেণ্টৰ তথ্য অন্তৰ্ভুক্ত থাকে। নিৰ্বাচনৰ ৯০ দিনৰ পাচত এই তথ্য স্বয়ংক্ৰিয়ভাৱে মচি পেলোৱা হয়।

  7. এই তথ্য কেনেকৈ ব্যৱহাৰ কৰা হ'ব?
    এই নিৰ্বাচন-সম্বন্ধীয় পৰিসংখ্যা মেটাৰ নিৰ্বাচনী পৃষ্ঠাৰ ফলাফল আৰু নিৰ্বাচনৰ বিশ্লেষণোত্তৰ প্ৰতিবেদনত সংক্ষিপ্ত কৰা হ'ব। ব্যক্তিগতভাৱে চিনাক্ত কৰিবপৰা কোনো তথ্য প্ৰকাশ কৰা নহ'ব। এই ব্যক্তিগতভাৱে চিনাক্ত কৰিবপৰা তথ্য স্বতন্ত্ৰ ভোটাৰৰ সংখ্যা আৰু ভোটাৰৰ বিশ্বব্যাপী বিস্তাৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে।
  8. মই ভোট দিলে ভোটটো প্ৰাপ্ত হোৱাৰ কোনো স্বীকৃতি দেখা নাপাওঁ আৰু মই ভোট দিবলৈ লগিন কৰিব লাগিব বুলি এটা স্বয়ংক্ৰিয় বাৰ্তাই দেখা দিয়ে। কি হৈ আছে?

    ভোট দিবলৈ আপুনি ভোটৱিকিত লগিন কৰাৰ প্ৰয়োজন নাই। এই ত্ৰুটিটো সম্ভৱতঃ কেশ্বিঙৰ সমস্যা। আমি এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিছোঁ: অনুগ্ৰহ কৰি m:Special:SecurePoll/vote/391ত পুনৰ ভোট দিয়াৰ চেষ্টা কৰক।
    ই আপোনাক এনেধৰণৰ এটা বাৰ্তাৰ জৰিয়তে আহ্বান জনাব― "ভোটটো এটা কেন্দ্ৰীয় ৱিকিত পৰিচালিত হ'ব। স্থানান্তৰিত হ'বলৈ অনুগ্ৰহ কৰি তলৰ বুটামটোত ক্লিক কৰক।" বুটামত ক্লিক কৰিলে আপোনাক ভোটদান ছাৰ্ভাৰলৈ পঠিওৱা হ'ব আৰু আপোনাক ভোট দিবলৈ অনুমতি দিয়া হ'ব।

    লগতে মন কৰিব যে আপুনি যেইবাৰেই বিচাৰে সেইবাৰেই আপোনাক ভোটদানৰ বিকল্প বাছনি বা সলনি কৰিবলৈ স্বাধীনতা দিয়া হ'ব। প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰ বিপৰীতে এটাই ভোট সংৰক্ষণ কৰা হ'ব আৰু প্ৰণালীটোৱে মাথোঁ আপোনাৰ পুৰণি ভোট(সমূহ)ৰ ঠাইত নতুন ভোটটো ৰাখিব আৰু পূৰ্বৰ ভোট(সমূহ) বৰ্জ্জন কৰিব।

    আপোনাৰ ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে আপোনাৰ স্ক্ৰীণত এটা ৰচিদ দেখুওৱা হয়, যিটো আপুনি ভোট দিয়াৰ প্ৰমাণ হিচাপে ৰাখি থ'ব পাৰে।

  9. একাধিক ভোট দিয়া ব্যৱহাৰকাৰীসকলৰ পৰা ভোটদানৰ প্ৰণালীটো কেনেকৈ সুৰক্ষিত কৰা হয়?
    প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰ বিপৰীতে এটাই ভোট সংৰক্ষণ কৰা হয়। আপুনি যেইবাৰেই বিচাৰে সেইবাৰেই আপোনাক ভোটদানৰ বিকল্প বাছনি বা সলনি কৰিবলৈ স্বাধীনতা দিয়া হ'ব। প্ৰণালীটোৱে মাথোঁ আপোনাৰ পুৰণি ভোট(সমূহ)ৰ ঠাইত নতুন ভোটটো ৰাখিব আৰু পূৰ্বৰ ভোট(সমূহ) বৰ্জ্জন কৰিব।
  10. কৰ্মচাৰীসকলক এক নিৰ্দিষ্ট ধৰণে ভোট দিবলৈ বাধ্য বা উৎসাহিত কৰা হয় নেকি?
    নহয়, ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু সহযোগীসকলৰ কৰ্মচাৰীসকলক কোনো নিৰ্দিষ্ট ধৰণে ভোট দিবলৈ উৎসাহিত কৰা নহয়। আমি সকলোকে স্বতন্ত্ৰভাৱে ভোট দিবলৈ উৎসাহিত কৰি আছোঁ। আচৰণবিধি প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী কাৰ্যকৰী হোৱাৰ বাবে, ক'ৰবাত উন্নতিসাধনৰ প্ৰয়োজনীয়তা আছে নেকি― চিনাক্ত কৰাত উপযোগী হোৱাকৈ আমাক সৎ মতামতৰ প্ৰয়োজন।
  11. বিশ্বাস আৰু নিৰাপত্তা দলটো ভোটৰ ফলাফলৰ ক্ষেত্ৰত পক্ষপাতদুষ্ট নেকি?
    বিশ্বাস আৰু নিৰাপত্তা গোটৰ তিনিটা বাহু আছে: নীতি, অপপ্ৰচাৰ আৰু সঞ্চালন। UCoC-ৰ সুবিধা প্ৰদান কৰা দলটো হৈছে নীতি দল। নীতি দলটো ব্যৱহাৰকাৰীৰ আচৰণৰ অনুসন্ধানত জড়িত নহয়। যদিও এইটো বিশ্বাস কৰা নহয় যে সঞ্চালন দলটো পক্ষপাতদুষ্ট হয় বা হ'ব, অসাৱধানতাপূৰ্ণ পক্ষপাতিত্ব পৰিহাৰ কৰিবলৈ কাৰ্যৰ এই পৃথকীকৰণ পূৰা-পূৰি ইচ্ছাকৃত আছিল। এই সহযোগিতামূলকভাৱে সৃষ্টি কৰা দস্তাবেজখনে ইয়াৰ প্ৰথম সমীক্ষাতেই অনুমোদন পায় নে অধিক উন্নতিসাধনৰ প্ৰয়োজন হয়― তাৰ দ্বাৰা নীতি দলটোৰ মূল্যায়ন কৰা নহয়। অৱশ্যে দলটোৱে সমাজৰ লগত ভালদৰে কাম কৰে নে নাই― তাৰ ভিত্তিত মূল্যায়ন কৰা হয়। তাৰমানে UCoC বলবৎ কৰাৰ বাবে এনে এক সহযোগিতামূলক পদ্ধতি বিকশিত কৰা যি সমাজখনৰ বাবে কাম কৰিব। আমাৰ লক্ষ্য হৈছে সেই দায়িত্ব যিমান সম্ভৱ পূৰণ কৰা।
  12. ইয়াত উল্লেখ নকৰা আনবোৰ প্ৰশ্ন
    কাৰিকৰী বা ভোটদান প্ৰণালীৰ ত্ৰুটি সম্বন্ধে অনুগ্ৰহ কৰি ucocproject@wikimedia.org-ক ইমেইল কৰক। অনুগ্ৰহ কৰি আপুনি যিটো ব্যৱহাৰকাৰী-নামেৰে ভোট দিবলৈ চেষ্টা কৰি আছে আৰু যিটো প্ৰকল্পত ভোট দিবলৈ চেষ্টা কৰি আছে― উল্লেখ কৰিব। প্ৰকল্প দলৰ এগৰাকী সদস্যই যিমান সম্ভৱ সোনকালে আপোনাৰ ইমেইলৰ প্ৰতি সঁহাৰি জনাব।