Jump to content

ৱিকি লাভচ ইৰাণ ২০২৬

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wiki Loves Iran 2026 and the translation is 100% complete.

Wiki Loves Iran 2026

ৱিকি লাভচ ইৰাণ হৈছে ৱিকিপিডিয়াৰ বিভিন্ন ভাষাৰ সংস্কৰণত ইৰাণৰ বিষয়ে নতুন প্ৰবন্ধ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক বিশ্বব্যাপী লেখা অভিযান। ১ মে'ৰ পৰা ৩১ মে' ২০২৬ চলি থকা এই অভিযান বিশ্বজুৰি অৱদানকাৰীৰ বাবে মুকলি।

অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ স্থানীয় ৱিকিপিডিয়াত নিৰ্ভৰযোগ্য আৰু পৰীক্ষা কৰিব পৰা উৎসৰ ওপৰত ভিত্তি কৰি আৰু স্থানীয় নীতি আৰু নিৰ্দেশনা অনুসৰি ইৰাণৰ বিষয়ে নতুন প্ৰবন্ধ সৃষ্টি কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।

অৱদান ইৰাণৰ সৈতে জড়িত যিকোনো বিষয়ৰ ওপৰত হ’ব পাৰে। পৰামৰ্শ দিয়া প্ৰবন্ধসমূহৰ তালিকা পৰামৰ্শ দিয়া প্ৰবন্ধত উপলব্ধ।

যোগ্যতাৰ চৰ্ত পূৰণ কৰা অংশগ্ৰহণকাৰীসকলক তলত দিয়া ধৰণে পুৰস্কৃত কৰা হ'ব: প্ৰথম স্থান (৭০€), দ্বিতীয় স্থান (৫৫€), তৃতীয় স্থান (৪০€), চতুৰ্থ স্থান (৩০€), আৰু পঞ্চম স্থান (৩০€)। যোগ্য বিবেচিত হ’বলৈ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তা অনুসৰি অতি কমেও ১০ টা প্ৰবন্ধ সৃষ্টি কৰিব লাগিব।

কেৱল নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহহে গণনা কৰা হ’ব। প্ৰবন্ধবোৰ দীঘলত অতি কমেও ৩,০০০ বাইট (প্ৰায় ৩০০ শব্দ) হ’ব লাগিব, সম্পূৰ্ণৰূপে মেচিন-ট্ৰেন্সলেটেড বা কেৱল এআই (AI) দ্বাৰা প্ৰস্তুত কৰা হ’ব নোৱাৰিব, আৰু প্ৰবন্ধবোৰ সুসংগত, সঠিকভাৱে গঠন কৰা আৰু মেইনটেনেন্স টেগ মুক্ত হ’ব লাগিব। কেৱল তালিকা থকা পৃষ্ঠাসমূহ গ্ৰহণ কৰা নহ’ব, আৰু সকলো বিষয় পোনপটীয়াভাৱে ইৰাণৰ সৈতে সম্পৰ্কিত হ’ব লাগিব।

এই অভিযান ইৰাণৰ ৱিকিমিডিয়ান ব্যৱহাৰকাৰী গোটৰ দ্বাৰা আয়োজিত। যদি আপোনাৰ কোনো প্ৰশ্ন আছে বা নিৰ্দেশনাৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি MDehravan (IWUG) (talk · contribs) যোগাযোগ কৰক।