Jump to content

ৱিকিমিডিয়া ফাউণ্ডেশ্যন আইনী আৰু সুৰক্ষাৰ সততে উত্থাপিত প্ৰশ্নসমূহ

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation Legal and Safety Contacts FAQ and the translation is 100% complete.

বহু দেশত আইনী আৰু সুৰক্ষাৰ কাৰণে ৱেবছাইটত স্পষ্ট যোগাযোগৰ তথ্য দেখুৱাব লাগে। ৱিকিমিডিয়া প্ৰকল্পসমূহে এইটো পৰিৱৰ্তনশীলভাৱে নিয়ন্ত্ৰণ কৰিছে, যাৰ ফলত অসামঞ্জস্য আৰু পুৰণি বা বিলুপ্ত বিৱৰণৰ সৃষ্টি হৈছে। ইয়াৰ সমাধানৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেচনে এটা আইনী আৰু সুৰক্ষা যোগাযোগ পৃষ্ঠা সৃষ্টি কৰিছে, যিটো প্ৰতিটো ৱিকি পৃষ্ঠাৰ ফুটাৰত সংযোগ কৰা হ'ব। ইয়াৰ দ্বাৰা সকলোৱে সঠিক আৰু শেহতীয়া আইনী যোগাযোগৰ তথ্য লাভ কৰিব পাৰিব। যদি ৱিকিত বৰ্তমানৰ “যোগাযোগ” পৃষ্ঠা আৰু সংযোগ থাকে, তেন্তে বিভ্ৰান্তি ৰোধ কৰিবলৈ প্ৰতি সম্প্ৰদায়ে এইবোৰ আপডেট কৰিব। আমাৰ আইনী সমস্যা আৰু প্ৰয়োজনীয়তা মূল্যায়নৰ ভিত্তিত আমি বিভিন্ন ৱিকিত নতুন লিংকসমূহ পৰ্যায়ক্ৰমে সন্নিবিষ্ট কৰিম। নতুন পৃষ্ঠা আইনী যোগাযোগ পৃষ্ঠাৰ অনুবাদ ক্ৰমান্বয়ে হ’ব, আৰু আমি আশা কৰিছোঁ যে মানুহে স্বেচ্ছাই সহায় কৰিব।

সততে উত্থাপিত প্ৰশ্নসমূহ

ইয়াৰ প্ৰয়োজন কি?

বহু দেশত ৱেবছাইটবোৰে সেইবোৰ পৰিচালনা কৰা সংস্থাৰ সৈতে কেনেদৰে যোগাযোগ কৰিব লাগিব সেইটো স্পষ্টভাৱে দেখুৱাব পৰা আইন আছে। এই যোগাযোগৰ তথ্য জৰুৰী বিষয়সমূহৰ প্ৰতিবেদন দিয়া বা চৰকাৰী আইনী জাননী প্ৰেৰণ কৰাৰ দৰে বিষয়সমূহৰ বাবে ব্যৱহাৰ কৰিব পাৰি (উদাহৰণস্বৰূপে, যদি আদালতৰ গোচৰ এটা দাখিল কৰা হৈছে।) সাধাৰণতে ৱেবছাইটসমূহে প্ৰতিটো পৃষ্ঠাৰ পাদটীকাৰ ভিতৰত এটা "যোগাযোগ" লিংক অন্তৰ্ভুক্ত কৰি এই প্ৰয়োজনীয়তাবোৰ পূৰণ কৰে।

এতিয়ালৈকে ৱিকিমিডিয়া প্ৰকল্পসমূহে ইয়াক বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰি আছে– সাধাৰণতে, সম্প্ৰদায়টোৱে নিজেই এটা যোগাযোগ পৃষ্ঠা সৃষ্টি কৰে (সততে আন এটা ৱিকিৰ পৰা কপি কৰা হয়)। এই ৱিকিডাটা বস্তুটো ৰ পৰা সংযুক্ত পৃষ্ঠাসমূহে দেখুৱাইছে যে বস্তুবোৰ কিমান অসামঞ্জস্যপূৰ্ণ হৈ পৰিছে। কিছুমান ৱিকিয়ে এতিয়া অতি পুৰণি বা ভুল তথ্য প্ৰদান কৰে—যেনে পুৰণি কাৰ্যালয়ৰ ঠিকনা বা ইয়াত আৰু কাম নকৰা কৰ্মচাৰী। বহু সু-প্ৰতিষ্ঠিতকে ধৰি আন কিছুমানৰ যোগাযোগৰ লিংক একেবাৰেই নাই।

এই ব্যৱধানসমূহৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেচনে আনকি গুৰুত্বপূৰ্ণ আইনী জাননীসমূহ হেৰুৱাবলগীয়া হৈছে, যাৰ ভিতৰত এটা গোচৰ আছে য’ত আমি গোচৰ দাখিল কৰাৰ কথা নজনাৰ বাবে আদালতত পৰাস্ত হৈছিলোঁ। এটা নতুন, সুসংগত “আমাৰ সৈতে যোগাযোগ কৰক’’ শীৰ্ষক এটা পৃষ্ঠা সৃষ্টি কৰিলে এনে সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰিব আৰু সকলো ঠাইৰ মানুহে প্ৰয়োজন হ’লে সহজে আমাৰ কাষ চাপিব পাৰিব বুলি নিশ্চিত কৰিব পৰা যায়।

বৰ্তমান কি হৈ আছে

ৱিকিমিডিয়া ফাউণ্ডেচনে https://foundation.wikimedia.org ত এটা নতুন “আইনী আৰু সুৰক্ষা যোগাযোগ’’ পৃষ্ঠা সৃষ্টি কৰিব। ইয়াত আইনীভাৱে বাধ্যতামূলক যোগাযোগৰ সবিশেষ থাকিব আৰু আন কিছুমান যোগাযোগৰ সবিশেষ আছে যিবোৰ মানুহে সুৰক্ষা সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পাৰিব। সময়ৰ লগে লগে, এই পৃষ্ঠাটো আন ভাষালৈ অনুবাদ কৰিব পৰা যাব (যিটো ফাউণ্ডেশ্যনৰ গোপনীয়তা নীতি, ৱেবছাইটৰ ব্যৱহাৰৰ চৰ্তাৱলী আদিৰ সৈতেও ঘটে)। ৱিকিমিডিয়া ফাউণ্ডেচনে এই পৃষ্ঠাটো সহজে আপ-টু-ডেট ৰাখিব পাৰে, উদাহৰণস্বৰূপে যদি আমাৰ যোগাযোগৰ বিৱৰণ সলনি হয়, বা নতুন আইনী প্ৰয়োজনীয়তা প্ৰযোজ্য হয়।

আমি এই নতুন পৃষ্ঠাত ৱিকি পৃষ্ঠাসমূহৰ পাদটীকাৰ ভিতৰত এটা লিংক যোগ দিম (অৰ্থাৎ, পৃষ্ঠাৰ তলত)।

যদি ইতিমধ্যে যোগাযোগৰ লিংক আছে, তেন্তে কি?

যদি আপোনাৰ ৱিকিত ইতিমধ্যে এটা অধিক সাধাৰণ “যোগাযোগ” পৃষ্ঠা আছে (উদাহৰণস্বৰূপে, ফৰাচী ভাষাৰ ৱিকিপিডিয়াত ৱিকিপিডিয়া:যোগাযোগ পৃষ্ঠাসমূহ), তেন্তে সেই সংযোগ থাকিব পাৰে। কিন্তু, আমি যোগ কৰা নতুন আইনী আৰু সুৰক্ষা যোগাযোগ লিংকৰ সৈতে কোনো ধৰণৰ বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ লিংক আৰু/বা পৃষ্ঠাটো সলনি কৰিব লাগে৷

  • যদি এটা কমিউনিটি "কণ্টেক্ট" লিংক ইতিমধ্যে পৃষ্ঠাৰ ফুটাৰত আছে, আমি সেই লিংকটোক এটা নতুন শিৰোনাম দিম। আমি ফুটাৰত সুমুৱাই থকা নতুন লিংকটোৰ সৈতে দ্ব্যৰ্থতা পৰিহাৰ কৰিবলৈ এইটো কৰিম। অৱশ্যে, সম্প্ৰদায়ে পিছলৈ ইয়াক আন পছন্দৰ শব্দলৈ সলনি কৰিব পাৰে।
  • যদি সম্প্ৰদায়ৰ “যোগাযোগ’’ লিংকটো পাদটীকাৰ পৰিৱৰ্তে চাইডবাৰত থাকে, আমি ইয়াক স্পৰ্শ নকৰাকৈ এৰি দিম। ইয়াৰ সৈতে কি কৰিব লাগে সেয়া সম্প্ৰদায়ে নিজে সিদ্ধান্ত ল’ব পাৰে।

যদি আপোনাৰ ৱিকিত ইতিমধ্যে এটা পৃষ্ঠা আছে য’ত বিশেষভাৱে উকীল, আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষ আদিৰ ব্যৱহাৰৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ যোগাযোগৰ বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে, তেন্তে সম্প্ৰদায়ে সেই পৃষ্ঠাটো সলনি কৰিব লাগিব, বা ইয়াক আঁতৰাব লাগিব, যাতে ওপৰাউপৰি নহয়। উদাহৰণস্বৰূপে, জাৰ্মান ৱিকিপিডিয়াৰ “Impressum” পৃষ্ঠাৰ নাম সলনি কৰি “খণ্ডন” কৰিব পাৰি, আৰু সেই পৃষ্ঠাৰ ওপৰত থকা ফাউণ্ডেশ্যনৰ যোগাযোগৰ তথ্য আঁতৰাব পাৰি। তাৰ পিছত পৰিৱৰ্তিত পৃষ্ঠাটোৱে সাধাৰণ সতৰ্কবাণী বা খণ্ডনৰ ওপৰত গুৰুত্ব দিব—যেনে এই ফৰাচী ৱিকিপিডিয়া পৃষ্ঠা। আমি এই সময়ত “খণ্ডন” পৃষ্ঠাসমূহত কোনো পৰিৱৰ্তন পৰ্যালোচনা বা প্ৰস্তাৱ দিয়া নাই – আমাৰ বৰ্তমানৰ প্ৰকল্পটোৱে কেৱল আইনী আৰু সুৰক্ষা যোগাযোগৰ তথ্যৰ সৈতে জড়িত৷

মানুহে এই কথাবোৰৰ ৰিপ’ৰ্ট য’ত দিব লাগে তাত ইয়াৰ পৰিৱৰ্তন হয়নে?

নহয়। প্ৰথম আৰু গুৰুত্বপূৰ্ণ কথা হ’ল, বিষয়বস্তুৰ বিষয়বোৰ এতিয়াও প্ৰত্যক্ষভাৱে ৱিকি সম্প্ৰদায়ক অৱগত কৰিব লাগে, আৰু চৰকাৰী আইনী অভিযোগ, নথিপত্ৰসমূহ (ইত্যাদি) এতিয়াও পোনপটীয়াকৈ ৱিকিমিডিয়া ফাউণ্ডেশ্যনলৈ প্ৰেৰণ কৰিব লাগিব। আমাৰ প্ৰকল্পই ইয়াক সলনি নকৰে, কিন্তু আশা কৰা হৈছে যে ইয়াৰ ফলত কম ভুল দিশ নিৰ্দেশনা হ’ব।

মই ভাবিছিলোঁ যে ভলান্টিয়াৰ ৰেচপন্স টিম (VRT) য়ে যিকোনোপ্ৰকাৰে WMFৰ বাবে কাম কৰেনে? বস্তুবোৰ info@wikimedia.org বা legal@wikimedia.org লৈ যোৱাটো কিয় গুৰুত্বপূৰ্ণ?

ভি.আৰ.টি.-য়ে info@wikimedia.org, info-es@wikimedia.org আদি ঠিকনালৈ প্ৰেৰণ কৰা ইমেইলবোৰ পঢ়ে আৰু উত্তৰ দিয়ে। ই আইনীভাৱে ৱিকিমিডিয়া ফাউণ্ডেচনক প্ৰতিনিধিত্ব নকৰে। ভি.আৰ.টি. সহায় লাভ কৰাৰহে এক উত্তম উপায় হ’ব পাৰে, আনকি অধিবক্তা আৰু তেওঁলোকৰ মক্কেলসকলৰ বাবেও, বিশেষকৈ যিহেতু ভি.আৰ.টি.-ৰ সদস্যসকলে নিজেই প্ৰকল্পৰ সমল সম্পাদনা কৰাৰ সিদ্ধান্ত ল’ব পাৰে। ভি.আৰ.টি.-ৰ সদস্যসকলে সম্প্ৰদায়ৰ নীতি প্ৰয়োগ কৰি সম্প্ৰদায়টোৰ ব্যক্তিগত সদস্য হিচাপে কাম কৰে। তেওঁলোকৰ কাৰ্য্যসমূহ ডব্লিউ.এম.এফ.-ৰ কাৰ্যালয় কাৰ্য নীতিৰ অধীনৰ নহয়। ডব্লিউ.এম.এফ.-এ ভি.আৰ.টি.-ৰ সদস্যসকলক কি কৰিব লাগে, বা কি সলনি কৰিব লাগিব নকয়।

প্ৰকল্পৰ বিষয়বস্তুৰ বিষয়ে অভিযোগ প্ৰেৰণ কৰা অধিবক্তাসকলৰ বাবে এইটো এটা সাধাৰণ বিভ্ৰান্তিৰ বিন্দু। আনকি গোচৰতো আমি প্ৰায়ে দেখিবলৈ পাওঁ যে অধিবক্তাই এজন ন্যায়াধীশক কয় যে তেওঁলোকে ডব্লিউ এম এফক অৱগত কৰিছিল, আৰু ডব্লিউ এম এফে ৱিকিপিডিয়াৰ এটা প্ৰবন্ধৰ সম্পাদনা কৰিছিল - যেতিয়া আচলতে ই আছিল ভি আৰ টি এজেণ্ট, ডব্লিউ এম এফৰ পৰা স্বাধীনভাৱে কাম কৰিছিল। আইনগতভাৱে ইয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আমাৰ নতুন যোগাযোগ পৃষ্ঠাই স্পষ্টভাৱে বুজাব যে ভিআৰটিৰ সৈতে যোগাযোগ কৰাটো কিয় ভাল ধাৰণা হ’ব পাৰে, কিন্তু সেইটো কিয় ডব্লিউএমএফৰ সৈতে যোগাযোগ কৰাৰ সমতুল্য নহয় বুলি গণ্য কৰা হয়।

নতুন পৃষ্ঠাটো মোৰ ভাষাত অনুবাদ কৰা হোৱা নাই

আমি স্বেচ্ছাসেৱকসকলক অনুবাদত অৰিহণা যোগাবলৈ তীব্ৰভাৱে উৎসাহিত কৰোঁ। ইয়াক অনুবাদ কৰাত সহায় কৰি, আগন্তুক বহু বছৰৰ বাবে আপুনি ৱিকিপিডিয়াত মানুহৰ সহায় লাভ কৰাৰ ক্ষমতাত স্থায়ী প্ৰভাৱ পেলাব পাৰে। সাধাৰণ নিৰ্দেশনা ইয়াত উপলভ্য।: https://foundation.wikimedia.org/wiki/Wikimedia:Translations_guidelines

মোৰ ৱিকিত দেখা নতুন লিংকটোৰ বাবে এটা উন্নত অনুবাদৰ পৰামৰ্শ দিব পাৰিমনে?

ধন্যবাদ! talk pageত এটা বাৰ্তা দিয়ক যাতে আমি ইয়াক বিবেচনা কৰিব পাৰোঁ।