Wikimedia Foundation elections/2021/2021-08-20/Board voter e-mail/text/as

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation elections/2021/2021-08-20/Board voter e-mail/text and the translation is 100% complete.
প্ৰিয় $USERNAME,

ইতিমধ্যে আৰম্ভ হোৱা ২০২১ৰ ৱিকিমিডিয়া ফাউণ্ডেচন ট্ৰাষ্টী বোৰ্ড নিৰ্বাচনৰ আপুনি এগৰাকী যোগ্য ভোটাৰ; যাৰবাবে আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছো।

ৱিকিমিডিয়া ফাউণ্ডেচনে $ACTIVEPROJECT আদি প্ৰকল্প ৰূপায়ণ কৰে আৰু ইয়াক নেতৃত্ব দিয়ে এখন ট্ৰাষ্টী বোৰ্ডে, যিয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ৰূপে কাৰ্যনিৰ্বাহ কৰে। বোৰ্ড অফ ট্ৰাষ্টীজৰ বিষয়ে অধিক জানক।

<https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_Board_of_Trustees/Overview>

ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। বিশ্বজুৰি মুঠ ২০গৰাকী প্ৰাৰ্থীয়ে এই আসন কেইখনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ২০২১ৰ ট্ৰাষ্টী বোৰ্ডৰ প্ৰাৰ্থীসকলৰ বিষয়ে অধিক জানক।

<https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/2021/Candidates>

সেইবাবে আপোনাক আৰু ৭০,০০০-তকৈয়ো অধিক বিভিন্ন ৱিকি-সম্প্ৰদায়ৰ সদস্যক ভোটদান কৰিবলৈ আহ্বান জনোৱা হৈছে। ভোটদান ১৮ আগষ্টৰ ০০:০০ (UTC) বজাৰ পৰা আৰম্ভ হৈছে আৰু ৩১ আগষ্টৰ ২৩:৫৯ (UTC) বজালৈ চলিব। ভোটদান কৰিবলৈ SecurePoll on $ACTIVEPROJECT।

<$SERVER/wiki/Special:SecurePoll/vote/Wikimedia_Foundation_Board_Elections_2021>

নিৰ্বাচন সম্পৰ্কীয় অধিক তথ্যৰ বাবে পঢ়ক।

<https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/2021>

স্বাক্ষৰ

নিৰ্বাচন সমিতি

---

 ৱিকিমিডিয়া ফাউণ্ডেচনত আপোনাৰ ই-মেইল ঠিকনা পঞ্জীভূক্ত হৈ থকা হেতুকে আপোনালৈ এই মেইল প্ৰেৰণ কৰা হৈছে। ভৱিষ্যতে নিৰ্বাচন সম্পৰ্কীয় নোটিফিকেচন নাপাবলৈ অনুগ্ৰহ কৰি আপোনাৰ সদস্য নাম নো মেইলিং লিষ্টত সংযোগ কৰক।

https://meta.wikimedia.org/wiki/Wikimedia_nomail_list