Wikimedia Foundation elections/2021/Candidate Requirements/as

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation elections/2021/Candidate Requirements and the translation is 100% complete.

The election ended ৩১ আগষ্ট ২০২১. No more votes will be accepted.
The results were announced on ৭ ছেপ্টেম্বৰ ২০২১. Please consider submitting any feedback regarding the 2021 election on the elections' post analysis page.

2021 Board Elections
Main Page
Candidates
Voting information
Single Transferable Vote
Results
Discussions
FAQ
Questions
Organization
Translation
Documentation
This box: view · talk · edit

ট্ৰাষ্টী নিৰ্বাচনে ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ডৰ ডিউটি অফ কেয়াৰ মানি চলে। ট্ৰাষ্টীসকলে বিচক্ষণ ব্যক্তিৰ দৰে যত্ন সহকাৰে এক যুক্তিসঙ্গত, পৰিশ্ৰমী আৰু অবহিত পদ্ধতিত কাম কৰে। বোৰ্ডত সেৱা আগবঢ়োৱাৰ বাবে ব্যক্তিসকলৰ সাৱধান বাছনিৰ ক্ষেত্ৰত “ডিউটি অফ কেয়াৰ” প্ৰযোজ্য। এনে ব্যক্তিসকলে পৰিষদৰ বদনাম আনিব নালাগে।

প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰাৰ পূৰ্বে প্ৰাৰ্থীসকলে ফাউণ্ডেচন বোৰ্ডৰ হাত-পুথি পঢ়া আৰু ট্ৰাষ্টীসকলৰ বাবে প্ৰযোজ্য আইনী আৰু বিশ্বাসৰ দায়বদ্ধতা সম্পৰ্কে পৰ্যালোচনা কৰা উচিত।

এজন বোৰ্ড ট্ৰাষ্টী হিচাপে ভূমিকা আৰু দায়িত্ব

বোৰ্ড অফ ট্ৰাষ্টীজে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তদাৰক কৰে। এজন ভাল ট্ৰাষ্টীয়ে চি.ই.ও./ কাৰ্যবাহী সঞ্চালকৰ জৰিয়তে, তথা পৰোক্ষভাৱে কৰ্মচাৰীসকলৰৰ জৰিয়তে ভাল ব্যৱস্থাপনা পোৱাত সহায় কৰে। তেওঁলোকে সংগঠনটোৰ দৈনন্দিন কাৰ্যকলাপত পৰিচালনা নকৰে। বোৰ্ডৰ দায়িত্ব হ'ল, সিদ্ধান্ত গ্ৰহণ, নিৰীক্ষণ আৰু নেতৃত্ব প্ৰদান।

এই দায়িত্ববোৰৰ ভিতৰত আছে:

  • ৰণকৌশল আৰু সাংগঠনিক লক্ষ্য আৰু নীতি সম্পৰ্কে বিবেচনা কৰি সিদ্ধান্ত লোৱা;
  • ৱিকিমিডিয়া ফাউণ্ডেচনৰ কৰ্ম-দক্ষতা, বিপদাশংকা, বিত্তীয় বিষয় আৰু সহমত নিৰীক্ষণ কৰা;
  • প্ৰাসঙ্গিক দক্ষতা আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি চি.ই.ও. / কাৰ্যবাহী সঞ্চালক আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলক পৰামৰ্শ দিয়া; আৰু
  • বোৰ্ডৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে ৱিকিমিডিয়া সম্প্ৰদায়ৰ সৈতে যোগাযোগ কৰা।

ট্ৰাষ্টীসকলে সংগঠনটোৰ আইনী আৰু নৈতিক অখণ্ডতা বজাই ৰাখে। তেওঁলোকে বোৰ্ডত বৈচিত্ৰ্য সৰবৰাহ আৰু বপন কৰে। ট্ৰাষ্টীসকলে সদায় ৱিকিমিডিয়া ফাউণ্ডেচনৰ সৰ্বোত্তম স্বাৰ্থত কাম কৰা উচিত। ট্ৰাষ্টীসকল ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে নিৰ্বাচিত হয় যদিও নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোক ৱিকি-সম্প্ৰদায়ৰ প্ৰতিনিধি হৈ নাথাকে।

ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ডৰ হাত-পুথিৰ পৰা বোৰ্ড অফ ট্ৰাষ্টীজৰ ভূমিকা সম্পৰ্কে অধিক জানক।

অৰ্হতা

প্ৰাৰ্থীসকলে বোৰ্ড আৰু সমিতিৰ দায়িত্ব পালন কৰিব লাগিব। ইয়াত ভিতৰত আছে- প্ৰাসঙ্গিক বিষয়বোৰৰ অনুসন্ধান কৰা, অবহিত সিদ্ধান্ত লোৱা, আৰু বোৰ্ডৰ সভাত উপস্থিত থকা। এই অতিৰিক্ত অৰ্হতাখিনিৰ বাদে প্ৰাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় অন্য অৰ্হতা ভোটাৰসকলৰ দৰে একে:

  • আপোনাক কোনো গুৰুতৰ অপৰাধ, অসততা বা প্ৰবঞ্চনাৰ সৈতে জড়িত কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হ’ব নালাগিব;
  • অব্যৱস্থা বা অসৎ আচৰণৰ বাবে আপোনাক কোনো অলাভজনক সংগঠন বা কোম্পানীৰ পদৰ পৰা আঁতৰ কৰা হ’ব নালাগিব;
  • মনোনয়ন বা নিৰ্বাচনৰ সময়ত আপোনাক ৩০ দিন বা অধিক সময়ৰ বাবে কোনো ৱিকিমিডিয়া প্ৰকল্পত নিষিদ্ধ বা অৱৰোধ কৰা হ'ব নালাগিব;
  • যদি আপুনি কেৱল সম্পাদক হিচাপেহে ভোটাৰৰ যোগ্যতাৰ প্ৰয়োজনীয়তা পূৰণ কৰে: আপোনাৰ প্ৰথম সম্পাদনা ৯ জুন ২০১৯-ৰ আগতে হ'ব লাগিব;
  • প্ৰাৰ্থিত্বৰ আবেদনত আপোনাৰ প্ৰকৃত নাম প্ৰকাশ কৰিব লাগিব;

ছদ্মনামেৰে বোৰ্ড অফ ট্ৰাষ্টীৰ পদত অধিষ্ঠিত হোৱাটো সম্ভৱ নহয়, কিয়নো ট্ৰাষ্টীসকলৰ পৰিচয় হ’ল এক ৰাজহুৱা অভিলেখ।

আবেদনৰ বাবে প্ৰয়োজন

  1. আপুনি আপোনাৰ আবেদন-পত্ৰ বা বিবৃতি অন্যান্য প্লেটফৰ্মৰ পৃষ্ঠাৰ তালিকাৰ সৈতে লিংক নকৰিব পাৰে, আৰু আন প্ৰাৰ্থীৰ সৈতে শ্লেটত নচলিবও পাৰে।
  2. আবেদন ০০:০০ ৯ জুন ২০২১ (আন্তঃৰাষ্ট্ৰীয় মানসময়)-ৰ পৰা ২৩:৫৯ ২৯ জুন ২০২১ (আন্তঃৰাষ্ট্ৰীয় মানসময়)-লৈ গ্ৰহণ কৰা হ’ব। আপোনাৰ আবেদন-পত্ৰ জমা দিয়াৰ ৩ দিন পিছলৈ বা মনোনয়নৰ মিয়াদ ২৩:৫৯ ২৯ জুন ২০২১ (আন্তঃৰাষ্ট্ৰীয় মানসময়)-লৈ সংশোধন কৰিব পাৰে। এই সময়সীমাৰ বাহিৰত সৰু-সুৰা বানান বা অনুবাদ সংক্ৰান্তীয় সংশোধনহে গ্ৰহণযোগ্য হ’ব। (দাখিল সংশোধনৰ বিষয়ে টোকা চাওক।)
  3. আপুনি ২৩:৫৯ ২৯ জুন ২০২১ (আন্তঃৰাষ্ট্ৰীয় মানসময়)-ৰ আগতে আপোনাৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰ ৱিকিমিডিয়া ফাউণ্ডেচনৰ ওচৰত দাখিল কৰিব লাগিব। আপুনি আবেদন কৰাৰ পিছত নিৰ্বাচন সমিতিৰ এজন সদস্যই এই বিষয়ে আপোনাৰ সৈতে যোগাযোগ কৰিব।

ওপৰোক্ত প্ৰয়োজনীয়তা আৰু সময়সীমা পূৰণ কৰাত ব্যৰ্থ হোৱা প্ৰাৰ্থীসকলক অযোগ্য ঘোষণা কৰা হ'ব।

ৱিকিমিডিয়া ফাউণ্ডেচনক পৰিচয়ৰ প্ৰমাণ-পত্ৰ দাখিল কৰক

এই পদৰ বাবে প্ৰাৰ্থিত্বৰ চৰ্ত হিচাপে পৰিচয়ৰ আৰু পূৰ্ণ-বয়স্কতাৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব। নিম্নলিখিত নথিপত্ৰবোৰৰ এটা প্ৰতিলিপিয়ে এই চৰ্ত পূৰণ কৰিব:

  • গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰ
  • পাৰপত্ৰ
  • প্ৰকৃত নাম আৰু বয়স উল্লেখ থকা অন্যান্য আধিকাৰিক নথি।

ৱিকিমিডিয়া ফাউণ্ডেচনৰ ই-মেইল secure-info@wikimedia.org যোগে এয়া দাখিল কৰিব পাৰিব।

যদি আপুনি নিৰ্বাচিত হয়, তেন্তে বোৰ্ডত নিযুক্তিৰ পূৰ্বে ৱিকিমিডিয়া ফাউণ্ডেচনে আপোনাৰ পৃষ্ঠভূমি পৰীক্ষা কৰিবলৈ অতিৰিক্ত চিনাক্তকৰণ তথ্যৰ বাবে অনুৰোধ কৰিব পাৰে।

আপোনাৰ প্ৰাৰ্থিত্ব কেনেকৈ দাখিল কৰিব

যদি আপুনি যোগ্য, প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিব পাৰে।