User:হাফিজ বায়েজীদ বোস্তামী

From Meta, a Wikimedia project coordination wiki

বৰ্তমান যুগৰ যুৱ প্ৰজন্মৰ ষ্টাইলেই বেলেগ যাৰ প্ৰতিভাৰ কোনো শেষ নাই।সেয়েই হ'ল যুৱ প্ৰজন্ম। যাৰ দ্ধাৰা সকলো সম্ভৱ । মিছাইল মানৱ ড' এ.পি.জে আব্দুল কালামে কৈছে যে, আমাৰ দেশ ভাৰতবৰ্ষখন উন্নতিৰ শিখৰত আগবঢ়াবলৈ হ'লে যুৱ শক্তি অনিবাৰ্য্য। কালাম চাহাবৰ উপৰিওঁ বৰ্তমান সমাজত প্ৰত্যকজন সচেতন ভাৰতীয়ই এই যুৱ শক্তিলৈ কিবা নহয় কিবা পৰিবৰ্তন অনাৰ কথা ভাৱিছে। কিন্তু আমি এই যুৱ শক্তিক কোনফালে গতি কৰোৱাইছো আমাৰ উদ্দেশ্য কি? আমি আহিছো কোনফালে ? আছেনে আমাৰ মানতাবোধ মূল্যবোধ ? কিহে গ্ৰাস কৰিছে আমাক ?পশ্চিমীয়া সভ্যতা বলিউড,হলিউড মাৰ্কা , হাৰ্ণি সিংৰ চুলিৰ ষ্টাইল, সমাজৰ এচাম মুখাপিন্ধা ভদ্ৰলোকৰ আচৰণ , চিগাৰেট,মদ , গুটখা , ভাং , কানি,ড্ৰাগচ,ডেনড্ৰেট আদিৰ অৱাধ প্ৰচলন হোৱাৰ বাবে আজিৰ সমাজত কাজিয়া , হত্যা, ধৰ্ষণ, অশ্লিল ইংগিত, চুৰি ডকাইতি আদিৰে যুৱ শক্তিক শেষ কৰিছে আৰু আমাৰ সমাজত বাঢ়িছে দিনক দিনে যুৱ অপৰাধ প্ৰৱনতা। বিজ্ঞান অবিহনে বৰ্তমানৰ সমাজ ব্যৱস্হা অচল। সেয়ে নিত্য নতুন বিজ্ঞানৰ আবিস্কাৰ আৰু বৰ্তমান সমাজ ব্যৱস্হাক এটা মুদ্ৰাৰ দুটা ৰূপ বুলি ক'ব পাৰি । বিজ্ঞানৰ প্ৰতিটো বস্তু আৱিস্কাৰৰ উদ্দেশ্য হ'ল মানৱৰ কল্যান সাধন কৰা। একে উদ্দেশ্যৰেই আবিস্কাৰ কৰিছে ম'বাইলফোন । কিন্তু আমি যুৱ প্ৰজন্মই কি কৰিছো ম'বাইল ফোনত এবাৰ ভাৱি চায়ছোনে? ভাবি চালে নিশ্চয় উত্তৰখন উলাই পৰিব । নিজ কৰ্তব্য অৰ্থাৎঃ অধ্যয়ণক অগ্ৰাস্য কৰি ফেচবুক,হোৱাটচএপ আদিত মগ্ন হৈ পৰিছো । ময়ো ইয়াৰ এজন সদস্য। আভিজাত্যৰ দোহাই দি কিনিছো দামী-দামী হেণ্ডচেট, কানেকচন লৈছো ইন্টাৰনেটৰ,চিম লৈছো জি'অ। আজিৰ যুগত ইন্টাৰনেট ন'হলে চলাটোৱে কঠিন।অনবৰতে এনেকুৱা তুলুঙীয়া অজুহাত দি ডাউনলড কৰিছো বলিউড, হলিউড মাৰ্কা নামী-দামী ছবি,অশ্লিল ভি.ডি.অ তাকেই চাইছো দিনে ৰাতিয়ে। যৌন উদ্দীপনা বঢ়াইছে আৰু নানা ধৰণৰ অপকৰ্ম কৰিবলৈ মন মেলিছে। সমাজত সচাৰচৰ ঘটি থকা অপৰাধ প্ৰৱনতা জি.এছ. ৰোডৰ কাণ্ড হোৱাৰ একমাত্ৰ কাৰণ জানো এয়াই নহয়? আমাৰ ভাই-ভনী, মা-আইতা লাঞ্চিত,বঞ্চিত,ধৰ্ষিতা হৈছে। আমাৰ এই পবিত্ৰ মিলনৰ তীৰ্থভূমি শংকৰ মাধৱ আজান ফকিৰৰ অসমত। কেতিয়াবা ভাবিলে আমাৰ দৰে কিছুমান যুৱ প্ৰজন্মৰ গাৰ নোম শিয়ৰি উঠে তাৰোপৰি আমাৰ সমাজত ম'বাইলৰ অপব্যৱহাৰ ইমানেই বৃদ্ধি পাইছে যে প্ৰেমৰ নামত কথা পাতিছো ঘন্টাৰ পাছত ঘন্টা। ফেচবুকত ভুৱা আই.ডি খুলি মিছা প্ৰলোভন দি ছেলফি উঠাই ছোৱালীসকলক নিজৰ ফালে আকৃষ্ট কৰাবলৈও আমি কুন্ঠাবোধ কৰা নাই। সকলোৱে নিজৰ চৰিত্ৰ বিসৰ্জন দিছো। আগৰ যুগ গ'ল । বৰ্তমান সময়ত শাৰিৰীক সম্পৰ্ক নাথাকিলে হেনো প্ৰেম নাথাকে। ছিঃলাজ লগা কথা! এনেবোৰ কথা ভাৱিবলৈ কি হৈছে আমাৰ? প্ৰেমৰ নামত যৌনতা , ধাবা বা কেন্টিনত লগ কৰা।এনেবোৰ ধাৰনাই যুৱ শক্তিক নিম্ন খাপত গতি কৰোৱাইছে, পশ্চিমীয়া সভ্যতা অনুসৰণ কৰিছে,নৱ প্ৰজন্মৰ ছোৱালীবিলাকেও চুটি-চাপৰ, আটিল পোছাক পৰিধান কৰি অৰ্ধনগ্ন হৈ ৰাস্তাত ফুৰিছে। যাৰ বাবেই সমাজৰ এচাম কু-অভিসন্ধিৰ মানুহে সুযোগ লৈছে কু-কৰ্ম কৰাৰ । আমাৰ মাজত নানা ধৰণৰ অবাঞ্চিত কাৰ্য্য সংঘটিত হয়েই আছে।বৰ্তমান পুৰণি সভ্যতা ঘুৰি আহিছে আগতে যেনেকৈ শৰীৰ ঢাকিবলৈ কাপোৰ ব্যৱহাৰ কৰিছিল ঠিক তাৰ বিপৰিত বৰ্তমান নিজৰ শৰীৰ দেখুৱাবলৈহে কাপোৰ পিন্ধে। কথাষাৰ অপ্ৰিয় হলেও সত্য।সমাজখন অধিক বেয়াৰ পিনে ঢাল খাইছে আৰু যুৱ সমাজ উশৃংখল হোৱা এইটোৱেই এটা প্ৰধান কাৰণ । তাৰোপৰি এই যুৱক সকলে গুৰু-গোঁহাই নমনা আৰু কিছুমান অশ্লিল কথোপকথনে সচেতন মহলক চিন্তিত কৰিছে। এই যুৱ প্ৰজন্মৰ উশৃংখল ৰূপ ধাৰণ কৰাৰ অন্যতম কাৰণ হ'ল অধিক পৰিমানে কৰা বিলাসিতা। মানৱ সমাজত খোজে খোজ মিলাই চলিব লাগিব ।অযুক্তিকৰ ধাৰনাৰে সন্তানক কিনি দিছে আধুনিক ডিজাইনৰ বাইক নামী-দামী চাৰিচকীয়া বাহন আৰু প্ৰত্যক দিনাই দিছে মুটা অংকৰ ধন তাকেই ব্যৱহাৰ কৰিছে ,অবৈধ ভাৱে খাইছে চিগাৰেট,গুটখা ,আকৌ ৰাতি গৈছে মদৰ দোকানলৈ ।অবৈধভাৱে মাতাল হৈ ঘুৰি ফুৰিছে গুৰু-গোঁসাই একো নমনা হৈছে তাৰ কাৰণেই আমাৰ মাজত অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আছে। যুৱ প্ৰজন্ম সাম্প্ৰতিক সময়ত অধিক বেয়াৰ পিনে যোৱাৰ আন এখন লেখত লবলগীয়া কাৰক হ'ল সমাজৰ কিছুমান মুখা পিন্ধা ভদ্ৰলোকৰ আচৰণ। কিছুমানে কেৱল ডাঙৰ ডাঙৰ কথা কৈ অনবৰতে ঘুৰি ফুৰে। নিজে কৰে অবৈধ,অনৈতিক কাৰ্যকলাপ আৰু বাধা দিয়ে আনক। তাৰ বাবেই সকলোৱে আজি তেনেকুৱা ধৰণৰ মুখা পিন্ধা ভদ্ৰলোক বোৰক অনুসৰণ কৰাৰ বাবেই আমি গতি কৰিছো বেয়াৰ পিনে। আজিৰ যুৱ প্ৰজন্ম ইজি মানিৰ প্ৰতি থকা মানসিকতাৰ বাবেই সমাজত যুৱ উশৃংখলতা বৃদ্ধি কৰিছে। সকলোকে টকা লাগে কিন্তু কম কষ্টত আৰু তাৰ বাবেই আমাৰ সমাজত ডকাইতি,দুৰ্নীতি,চাইবাৰ ক্ৰাইম আদিৰ দৰে ঘটনা ঘটিছে। এই যুৱ শক্তি ঠিক হ'বই লাগিব । যি কোনো মাধ্যমৰ বিনিময়তেই নহওক কিয়।নহ'লে আমাৰ সমাজ আগবাঢ়ি নাযাব। বিভিন্ন দল সংগঠনৰ জ্যেষ্ঠ বেক্তি,শিক্ষক,সচেতন নাগৰিক আদিয়ে আগবাঢ়ি আহি যুৱ শক্তিক সঠিক পথ প্ৰদৰ্শন কৰিব যে নিশ্চত।

হাফিজ বায়েজীদ বোস্তামী