মুভমেণ্ট চাৰ্টাৰ/বিষয়বস্তু/গোলকীয় পৰিষদ

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Movement Charter/Content/Global Council and the translation is 98% complete.
Outdated translations are marked like this.

পটভূমি

গোলকীয় পৰিষদৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিবলৈ বিদ্যমান গাঁথনি আৰু কামৰ প্ৰবাহবোৰ সংশোধন কৰা হৈছে। এই পৰিৱৰ্তনৰ উদ্দেশ্য হ'ল মুভমেণ্টৰ ভিতৰত শক্তি পুনৰ বিতৰণ কৰা। এই কাৰ্যত অন্তৰ্ভুক্ত আছে নতুন গাঁথনি ৰচনা কৰা আৰু বিদ্যমানবোৰ পুনৰ নিৰ্মাণ কৰা। পুনৰ বিতৰণ কৰা বেছিভাগ ক্ষমতাই ৱিকিমিডিয়া ফাউণ্ডেচন (WMF) আৰু ইয়াৰ ব'ৰ্ড অফ ট্ৰাষ্টীৰ পৰা গোলকীয় পৰিষদলৈ স্থানান্তৰিত কৰা হৈছে।

সংজ্ঞা

গোলকীয় পৰিষদ হৈছে মুভমেণ্টৰ ৰণনীতিৰ বিকাশ আৰু ৰূপায়ণৰ বাবে দায়বদ্ধ এক শাসন সংস্থা, যিয়ে ৱিকিমিডিয়া মুভমেণ্টৰ বাবে গোলকীয় কৌশলগত অগ্ৰাধিকাৰৰ ওপৰত বাৰ্ষিক প্ৰতিবেদন অন্তৰ্ভুক্ত কৰে। এই সংস্থাটো স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত আৰু কৰ্মচাৰীৰ দ্বাৰা সমৰ্থিত।গোলকীয় পৰিষদৰ স্বেচ্ছাসেৱকসকল ৱিকিমিডিয়া মুভমেণ্টৰ বিভিন্ন অংশীদাৰৰ পৰিসৰৰ পৰা আহিছে। গোলকীয় পৰিষদে মুভমেণ্ট-বিস্তৃত সিদ্ধান্ত গ্ৰহণৰ বাবে দায়বদ্ধতা আৰু স্বচ্ছতা উন্নত কৰি আছে। গোলকীয় পৰিষদে মুভমেণ্টৰ, সম্পদবোৰৰ প্ৰৱেশাধিকাৰ সৰল কৰিছে যাতে ব্যক্তি আৰু সম্প্ৰদায়ক শক্তিশালী কৰি তুলিব পৰা যায়। অংশীদাৰসকলৰ মাজত বিশ্বাস পোষণ কৰাৰ বাবে, আৰু সম্প্ৰদায়বোৰক শক্তিশালী কৰাৰ বাবে গোলকীয় পৰিষদে দায়বদ্ধতা নিৰ্ধাৰণ কৰি ইয়াৰ উদ্দেশ্যবোৰ সৃষ্টি কৰি আছে। সমগ্ৰ মুভমেণ্টৰ বাবে গোলকীয় পৰিষদে সমিতিৰবোৰৰ বাবে পৰ্যৱেক্ষণ প্ৰদান, উন্নত মানদণ্ড আৰু উদ্দেশ্য সৃষ্টি কৰি, সীমিত কাৰ্যবাহী সিদ্ধান্ত আৰু নিৰ্দেশনা দি আছে।

উদ্দেশ্য

ইয়াৰ ভিতৰত বহনক্ষম কাম আৰু বিকাশৰ প্ৰচাৰৰ বাবে গোলকীয় পৰিষদ গঠন কৰা হৈছে। ইয়াৰ বাবে, গোলকীয় পৰিষদে সম্প্ৰদায়বোৰক এক শক্তিশালী কৰাৰ বাবে এক ন্যায়সঙ্গত উপায়ত দায়বদ্ধতা নিৰ্ধাৰণ কৰে।

  1. গোলকীয় পৰিষদে ৱিকিমিডিয়া ফাউণ্ডেচনক সুৰক্ষিত কৰাৰ বাবে পুঁজি সংগ্ৰহৰ প্ৰচেষ্টাৰ বিষয়ে পৰামৰ্শ দিব। ৱিকিমিডিয়া মুভমেণ্টৰ বাবে বিত্তীয় সম্পদ, ইয়াৰ লক্ষ্য আৰু মূল্যবোধৰ সৈতে সংৰক্ষিত।
  2. গোলকীয় পৰিষদে ইয়াৰ ন্যায়সঙ্গত প্ৰসাৰৰ বাবে মানদণ্ড আৰু নিৰ্দেশনা স্থাপন কৰিব। ৱিকিমিডিয়া প্ৰকল্প, সম্প্ৰদায়, সহযোগী, কেন্দ্ৰ আৰু অন্যান্য মুভমেণ্ট সংস্থাক সমৰ্থন কৰিবলৈ পুঁজি প্ৰদান কৰিব।
  3. গোলকীয় পৰিষদে সামগ্ৰিক আৰু স্বচ্ছ সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া নিশ্চিত কৰিব আৰু সুনিৰ্দিষ্ট ক্ৰছ-মুভমেণ্ট সত্তাবোৰৰ ওপৰত নিৰ্দেশনা আৰু সীমিত কাৰ্যবাহী দায়িত্ব পালন কৰিব।।
  4. গোলকীয় পৰিষদে সহযোগী সকলৰ সামগ্ৰিক শাসনৰ বাবে সমিতি গঠন বা সংশোধন কৰিব।
  5. গোলকীয় পৰিষদে সম্পাদকৰ প্ৰৱেশাধিকাৰ সৰল কৰাৰ বাবে মাধ্যম সৃষ্টি কৰিব, (বিত্তীয়, মানৱ, জ্ঞান) ব্যক্তিৰ বাবে আৰু সম্প্ৰদায়বোৰক এক ন্যায়সঙ্গত উপায়েৰে শক্তিশালী কৰিব।
  6. গোলকীয় পৰিষদে প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰি আৰু প্ৰতিবেদন ৰখাৰ মানদণ্ড নিৰ্ধাৰণ কৰি দায়িত্ব আৰু সম্পৰ্কিত ক্ষমতাত দায়বদ্ধতা নিশ্চিত কৰিব।

দায়িত্ব আৰু সংশ্লিষ্ট ক্ষমতাসমূহ

[পাঠকলৈ টোকা: উল্লেখ কৰা ক্ষমতাবোৰ হৈছে MCDC আলোচনাৰ বহল টোকা। এই সকলোবোৰ যদি কাৰ্যকৰী কৰা হয়, বিৱৰণ আৰু স্পষ্টতাৰ সৰু বা মুখ্য সংযোজনৰ প্ৰয়োজন। কেইবাটাও দায়িত্ববোৰত জ্ঞাত WMF আইনী উদ্বেগৰ টোকাও আছে।]

নতুন ভাষা প্ৰকল্পৰ অনুমোদন - মানদণ্ড নিৰ্ধাৰণ

  • ভাষা সমিতিয়ে (LangCom) গোলকীয় পৰিষদক প্ৰতিবেদন দিয়ে। গোলকীয় পৰিষদে এই লেংকমৰ(LangCom) প্ৰস্তুত কৰে। লেংকমৰ প্ৰপত্ৰ আৰু গাঁথনিৰ ওপৰত চূড়ান্ত সিদ্ধান্ত, ইয়াৰ ভিতৰত থকা ব্যৱস্থা সাপেক্ষে মুভমেণ্ট চাৰ্টাৰত দিব।
  • গোলকীয় পৰিষদে ভাষা প্ৰকল্পবোৰক স্বীকৃতি দিয়াৰ বাবে পূৰ্বচর্তবোৰ সংশোধন কৰিব পাৰে।
  • গোলকীয় পৰিষদে LangCom নতুন ভাষা প্ৰকল্পক পোনপটীয়াকৈ স্বীকৃতি দিবলৈ অনুমতি দিব পাৰে নাইবা সেই কৰ্তৃত্ব নিজৰ বাবে ৰাখিব পাৰে।
  • এই নতুন গাঁথনিত,LangCom প্ৰস্তাৱিত প্ৰকল্পবোৰ যথেষ্ট আৰু প্ৰমাণিত কৰাৰ বাবে পৰ্যাপ্ত সমৰ্থিত দায়িত্ব দিয়া হৈছে।

নতুন ভগ্নী প্ৰকল্পৰ অনুমোদনৰ বাবে - ছাইন- অফৰ প্ৰয়োজন

  • গোলকীয় পৰিষদে মুভমেণ্টৰ বাবে যিকোনো নতুন ভগ্নী প্ৰকল্পৰ অনুমোদন দিয়াৰ অধিকাৰ ৰাখে। এই সিদ্ধান্তটো প্ৰযুক্তি পৰিষদৰ(Tech council) পৰাকাৰ্যকৰীতাৰ পৰামৰ্শ আৰু অনুমোদনৰ ওপৰত আধাৰিত হ'ব। এই সকলোবোৰ নতুন প্ৰকল্পৰ আয়োজক পৰা লোৱা । বৰ্তমান WMF সকলো খিনিয়েই প্ৰকল্পৰ আয়োজক।
  • গোলকীয় পৰিষদে কাৰিকৰী আৰু পুনৰ সংগ্ৰহৰ পৰা ব্যৱহাৰ যোগ্যতাৰ বাবে বিবেচনা কৰিব। প্ৰযুক্তি পৰিষদ (technology council) আৰু প্ৰকল্পৰ আয়োজক (project host) আৰু প্ৰকল্পটো ইয়াৰ সৈতে সংৰেক্ষিত হয় নে নাই সেয়াও পৰীক্ষা কৰিব। গোলকীয় পৰিষদে "মুভমেণ্টৰ মূল্যবোধ" পৰীক্ষা কৰিব যে ইয়াৰ ক্ষেত্ৰত পৰ্যাপ্ত সমৰ্থন আছে নে নাই ।
  • [টোকা: ভগ্নী প্ৰকল্প টাস্ক ফ'ৰ্চৰ(sister projects task force) গঠনৰ পিছত দায়িত্ব আৰু প্ৰকৃতি সলনি কৰা হ'ব পাৰে।]

ভাষিক আৰু ভগ্নী প্ৰকল্প বন্ধ কৰা

  • গোলকীয় পৰিষদৰ এটা ভাষিক প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্তত ভেটো(veto) দিয়াৰ কৰ্তৃত্ব আছে।ই হ'ব পাৰে এনে বিষয়ত ভোট দিব নে নাই তাৰ ওপৰত নিজা মানদণ্ড নিৰ্ধাৰণ কৰিব। য'ত ই ভোট নিদিয়ে, তেনে ক্ষেত্ৰত ভাষা সমিতিয়ে (LangCom) সিদ্ধান্ত ল'ব।
  • ভগ্নী প্ৰকল্প এটা বন্ধ কৰাৰ সৈতে আগবাঢ়িবলৈ গোলকীয় পৰিষদৰ এক ইতিবাচক ভোটৰ প্ৰয়োজন। এইটো গোলকীয় পৰিষদে ভোটদানৰ আগতে অতিৰিক্ত চৰ্ত নিৰ্ধাৰণ কৰিব পাৰে। প্ৰকল্প অব্যাহত ৰখাৰ কাৰ্যকৰীতা আৰু গোলকীয় পৰিষদৰ দ্বাৰা চূড়ান্ত ভোটদানৰ আগতে বন্ধ কৰাৰ প্ৰয়োজনীয়তা ব্যাপকভাৱে পৰীক্ষা কৰা হ'ব।
  • LangCom জৰিয়তে গোলকীয় পৰিষদৰ ইনকিউবেটৰ প্ৰকল্প (incubator project) বন্ধ কৰাৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব থাকিব।গোলকীয় পৰিষদৰ পদক্ষেপৰ অনুপস্থিতিত, প্ৰযুক্তি পৰিষদত LangCom নিজাকৈ মানদণ্ড থাকিব।

প্ৰযুক্তি পৰিষদ (Technology Council)

[পাঠকলৈ টোকা: প্ৰযুক্তি পৰিষদ অতি প্ৰাৰম্ভিক আলোচনাত আছে। সেয়েহে, ইয়াত আন কিছুমান প্ৰস্তাৱতকৈ কমকৈ সবিশেষ আছে।প্ৰযুক্তি পৰিষদে লাভ কৰা সম্প্ৰদায়ৰ প্ৰতিক্ৰিয়াৰ আৰু চিন্তাধাৰা পৰা সৰ্বাধিক লাভান্বিত হ'ব।]

  • গোলকীয় পৰিষদে WMF প্ৰডাক্ট এণ্ড প্ৰযুক্তি দল আৰু প্ৰযুক্তিঅৱদানকাৰীৰ সৈতে কাম কৰিব। প্ৰযুক্তি পৰিষদ স্থাপন কৰিবলৈ সম্প্ৰদায়সমূহে গাঁথনি আৰু গঠনৰ ওপৰত চূড়ান্ত সিদ্ধান্ত প্ৰযুক্তি পৰিষদৰ নিৰ্মাণ গোলকীয় পৰিষদে কৰিব।
  • প্ৰযুক্তি পৰিষদে গোলকীয় পৰিষদক প্ৰতিবেদন দিয়ে। ই গোলকীয় পৰিষদ,WMF আৰু কাৰিকৰী সম্প্ৰদায়ৰ মাজত সেতু হিচাপে কাম কৰে ।
  • প্ৰযুক্তি পৰিষদৰ এক সম্মিলিত কাৰ্যভাৰ থাকিব, যাৰ ভিতৰত আছে:
    • কাৰিকৰী বিকাশৰ ক্ষেত্ৰসমূহক প্ৰাথমিকতা দিয়া।
    • এই অগ্ৰাধিকাৰবোৰ কেনেদৰে প্ৰাপ্ত কৰিব পাৰি তাৰ বাবে বিস্তৃত উন্নয়ন পৰিকল্পনা।
    • কাৰিকৰী বিকাশৰ ওপৰত প্ৰতিক্ৰিয়া সংগ্ৰহ আৰু ব্যৱহাৰকৰাৰ পদ্ধতি উন্নত কৰা।
  • প্ৰযুক্তি পৰিষদে ইয়াৰ অগ্ৰাধিকাৰ আৰু পৰিকল্পনাসমূহ গোলকীয় পৰিষদক প্ৰস্তাৱ দিব। গ্লোবেল পৰিষদৰ প্ৰস্তাৱবোৰ অনুমোদন বা অগ্ৰাহ্য কৰাৰ ক্ষমতা আছে।

সহযোগীসকলৰ স্বীকৃতি আৰু স্বীকৃতি হীনতা: মানক-নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰিত সিদ্ধান্ত লোৱা।

  • গোলকীয় পৰিষদে এটা উপসমিতিৰ (Affiliation Committee) জৰিয়তে সহযোগীসকলক স্বীকৃতি আৰু অস্বীকৃতি দিব । ই স্বীকৃতি পূৰণ কৰিবলৈ, অব্যাহত ৰাখিবলৈ সহযোগীসকলৰ বাবে মানদণ্ড নিৰ্ধাৰণ বা সংশোধন কৰিব পাৰে। তেতিয়া ই স্বীকৃত হ'ব, আৰু অনুদান প্ৰাপ্ত কৰিব। মৌলিক মানদণ্ডবোৰ চাৰ্টাৰত সংহিতাবদ্ধ কৰা হ'ব।
  • এফিলিয়েচন কমিটিয়ে (AffCom) গোলকীয় পৰিষদক প্ৰতিবেদন দিয়ে।গোলকীয় পৰিষদে মুভমেণ্ট চাৰ্টাৰৰ ব্যৱস্থাৰ ওপৰত আধাৰিত কৰি AffCom ৰ ৰূপ আৰু গাঁথনিৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লয়।
  • গোলকীয় পৰিষদে AffCom পোনপটীয়াকৈ সহযোগীসকলক স্বীকৃতি দিবলৈ বা সেইটো ধৰি ৰাখিবলৈ অনুমতি দিব পাৰেবা নিজৰ বাবে কৰ্তৃত্ব ৰাখিব পাৰে।
  • এই নতুন গাঁথনিত, AffCom এইটো প্ৰমাণিত কৰিবলৈ দায়িত্ব দিয়া হৈছে যে সহযোগীসকলে প্ৰকল্পবোৰত সক্ৰিয়ভাৱে সহায় কাম কৰি আছে।
  • ইয়াৰ উপৰিও, AffCom এটা সহযোগীৰ স্বীকৃতি হীনতাৰ বাবে প্ৰমাণ সংগ্ৰহ আৰু মূল্যাঙ্কন কৰে, আৰু পৰামৰ্শ দাখিল কৰে। এইবোৰ গোলকীয় পৰিষদৰ দ্বাৰা গ্ৰহণ বা অস্বীকাৰ কৰা হ'ব পাৰে।
  • WMF ব'ৰ্ড অফ ট্ৰাষ্টিয়ে ট্ৰেডমাৰ্ক, আইনী, বা জৰুৰী কালীন কাৰ্য অপব্যৱহাৰৰ বাবে সহযোগীসকলক স্বীকৃতি মুক্ত কৰাৰ সামৰ্থ্য বজাই ৰাখে। জৰুৰী পৰিস্থিতিৰ বাহিৰে, সকলো কাম গোলকীয় পৰিষদৰ এই সিদ্ধান্তত চুক্তি বিচৰা হ'ব।
  • ইয়াত তিনিটা সহযোগী শ্ৰেণী আছে: অধ্যায়, বিষয়ভিত্তিক সংগঠন, আৰু ব্যৱহাৰকাৰী গোট।এই নতুন সহযোগী শ্ৰেণী সৃষ্টিৰ কাম WMF ব’ৰ্ড অৱ ট্ৰাষ্টীৰ গ্ৰহণযোগ্যতাৰে গোলকীয় পৰিষদ/AffCom বাবে সংৰক্ষিত কৰা হ’ব।

হাবৰ স্বীকৃতি আৰু স্বীকৃতি মুক্ত কৰা: মানক নিৰ্ধাৰণ আৰু পোনপটীয়া সিদ্ধান্ত লোৱা

  • গোলকীয় পৰিষদে হাববোৰক স্বীকৃতি দিয়াৰ বাবে, স্বীকৃত অব্যাহত ৰাখিবলৈ, পুঁজি সংগ্ৰহ কৰিবলৈ, আৰু অনুদান প্ৰাপ্ত কৰিবলৈ পূৰ্ব-প্ৰয়োজনীয়তাবোৰ সংশোধন কৰিব পাৰে। মৌলিক মানদণ্ডবোৰ সংহিতাভূক্ত কৰা হ'ব চাৰ্টাৰৰ দ্বাৰা।
  • হাববোৰক স্বীকৃতি দিয়া আৰু স্বীকৃতি মুক্ত কৰাৰ বাবে গোলকীয় পৰিষদ পোনপটীয়াকৈ দায়বদ্ধ।
  • হাববোৰ মূল্যাঙ্কন কৰিবলৈ AffCom ৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে। এই সমিতিখনে প্ৰমাণ সংগ্ৰহ,চৰ্ত সমীক্ষা আৰু মাপকাঠী পৰ্যালোচনাৰ বাবে দায়বদ্ধ হ'ব আৰু ইয়াৰ স্বীকৃতিৰ বাবে গোলকীয় পৰিষদৰ ওচৰত পৰামৰ্শ দাখিল কৰিব লাগিব।
  • AffCom এই হাববোৰৰ স্বীকৃতি হীনতা কৰাৰ বাবে গোলকীয় পৰিষদৰ ওচৰত পৰামৰ্শ দাখিল কৰাৰ আগতে হাববোৰ কাৰ্যকলাপ, ক্ষমতা পুনৰীক্ষণ আৰু প্ৰমাণ মূল্যাঙ্কন কৰিবলৈ দায়বদ্ধ হ'ব ।
  • WMF ব'ৰ্ড অফ ট্ৰাষ্টিয়ে ট্ৰেডমাৰ্ক, আইনী, বা জৰুৰী কালীন কাৰ্য অপব্যৱহাৰৰ বাবে সহযোগীসকলক স্বীকৃতি মুক্ত কৰাৰ সামৰ্থ্য বজাই ৰাখে। জৰুৰী পৰিস্থিতিৰ বাহিৰে, সকলো কাম গোলকীয় পৰিষদৰ এই সিদ্ধান্তত চুক্তি বিচৰা হ'ব।
  • গোলকীয় পৰিষদে WMF ৰ ভিতৰৰ হাব আৰু সংশ্লিষ্ট দল দুয়োটাৰে সৈতে কাম কৰে যাতে প্ৰয়োজন সাপেক্ষে তাত ক্ৰছ-হাব সহযোগিতা আৰু মধ্যস্থতা কৰিবলৈ সক্ষম হয়।

হাবসমূহৰ স্বীকৃতি আৰু উন্নতি

  • গোলকীয় পৰিষদে AffCom আৰু হাবৰ সমন্বয়ৰ জৰিয়তে মুভমেণ্টৰ উন্নতিৰ বাবে কাম নিৰীক্ষণ কৰিব।
  • সাংগঠনিক বিকাশৰ পথ প্ৰদৰ্শন আৰু নিশ্চিতকৰাৰ বাবে AffCom মুখ্যতঃ দায়বদ্ধ হ'ব আৰু সুশাসনৰ নীতিঅনুসৰণ কৰিব ।

পুঁজি সংগ্ৰহ:

  • গোলকীয় পৰিষদে কোনো ধৰণে পুঁজি সংগ্ৰহ নকৰে।
  • ৱিকিমিডিয়া ফাউণ্ডেচনৰ সমৰ্থনত গোলকীয় পৰিষদে এক নীতি বিকশিত কৰিব যি পুঁজি সংগ্ৰহৰ চাৰিওফালে থকা সকলো মুভমেণ্ট সংস্থাৰ বাবে প্ৰযোজ্য। এই নীতিত স্থানীয় প্ৰসংগ আৰু প্ৰয়োজনীয়তা অনুসৰি গ্ৰহণ কৰিব পৰাকৈ নিয়ম অন্তৰ্ভুক্ত হ'ব।
  • গোলকীয় পৰিষদ আৰু WMF মুভমেণ্টৰ সমন্বয়ৰ বাবে পুঁজি সংগ্ৰহ প্ৰক্ৰিয়াবোৰত সহযোগিতা কৰিব।

পুঁজি বিতৰণ:

  • গোলকীয় পৰিষদে WMF ব'ৰ্ড অফ ট্ৰাষ্টী পৰিষদক এই সন্দৰ্ভত এটা পৰামৰ্শ জাৰী কৰিব। মুঠ কেন্দ্ৰীয় ৰাজহৰ অংশ সামূহিক জেনেৰেল ফাণ্ড, আৱণ্টন কৰাৰ চৰ্ত,আঞ্চলিকক পুঁজি সমিতি, আৰু যিকোনো আন্তঃ-আঞ্চলিক অনুদান প্ৰদান কৰিব।
  • আঞ্চলিক পুঁজি সমিতিয়ে গোলকীয় পৰিষদক প্ৰতিবেদন দিব যাতে আঞ্চলিক পুঁজি সমিতিয়ে কাযকৰী আৰু ন্যায়সঙ্গত তথা জবাবদিহি কাৰ্যকলাপ প্ৰদৰ্শন কৰিব পাৰে।
পুঁজিৰ বিতৰণ সম্পৰ্কীয় প্ৰশ্নসমূহ খোলা
  • গোলকীয় পৰিষদৰ কি ভূমিকা থাকিব লাগে পুঁজিৰ বিতৰণ?
    • WMF ৰ সিদ্ধান্তৰ পৰ্যৱেক্ষণ বা পৰ্যালোচনা
    • WMF ৰ সৈতে সমন্বয়
    • অন্যান্য (অনুগ্ৰহ কৰি বিস্তাৰিত কৰক)
  • এনে এখন সমিতি থাকিব লাগে নেকি যিয়ে গোলকীয় পৰিষদক প্ৰতিবেদন দিয়ে আৰু কেন্দ্ৰীয়/আন্তঃ-আঞ্চলিক পুঁজি বিতৰণ পৰিচালনা কৰে?
  • WMF ৰ ভিতৰত পুঁজি আৱণ্টনৰ সন্দৰ্ভত গোলকীয় পৰিষদৰ ভূমিকা কি হ'ব লাগে?
    • WMF ৰ ভিতৰত পুঁজিৰ আৱণ্টনৰ বিষয়ে গোলকীয় পৰিষদৰ পৰামৰ্শ লোৱা উচিত।
    • WMF ৰ ভিতৰত পুঁজি আৱণ্টনত গোলকীয় পৰিষদৰ কোনো ভূমিকা থাকিব নালাগে আৰু কেৱল অৱগত কৰা উচিত।
    • অন্যান্য (অনুগ্ৰহ কৰি বিস্তাৰিত কৰক)

গ্লোবেল ছাইট পলিচী - আইনী উদ্বেগৰ ওপৰত ভেটো দিয়াৰ বাবে প্ৰস্তাৱ টো প্ৰত্যাহাৰ কৰা হৈছে

আঁতৰাই পেলোৱা প্ৰস্তাৱৰ সাৰাংশ: গোলকীয় পৰিষদ WMF ৰ দ্বাৰা বিশ্ব নীতিৰ পৰিৱৰ্তনৰ ওপৰত এক পৰামৰ্শদাতা অংশীদাৰ হ ' ব । গোলকীয় পৰিষদে তেওঁলোকক নাকচ কৰিব পাৰে যদিহে তেওঁলোকক আইনীভাৱে বাধ্যতামূলক কৰা নহয় ।

এই প্ৰস্তাৱলৈ যোৱা যুক্তিঃ MCDC ৰ পূৰ্বৰ প্ৰক্ৰিয়াৰ সময়ত গোলকীয় পৰিষদে সম্প্ৰদায়/WMF বিবাদৰ সঘনতা আৰু পৰিমাণ কম কৰিবলৈ সক্ষম হোৱাৰ আকাংক্ষা আছিল।

বিবাদবোৰ কেইবাটাও কাৰণত সংঘটিত হয় আৰু পৰামৰ্শ উন্নত কৰাৰ বাবে পৰিকল্পিত প্ৰচেষ্টা আৰু প্ৰযুক্তি পৰিষদৰ দৰে দিশবোৰে কিছুমান ক্ষেত্ৰত সহায় কৰিব লাগে । অৱশ্যে বৈশ্বিক নীতি আৰু সেইবোৰৰ চাৰিওফালে কৰা কাৰ্য্যই অতীতৰ বিবাদৰ সৃষ্টি কৰিছে আৰু মুভমেণ্ট চাৰ্টাৰ ড্ৰাফ্টিং কমিটিয়ে অনুভৱ কৰিছিল যে ই ভৱিষ্যতে এই ক্ষেত্ৰত সমস্যাবোৰ প্ৰতিৰোধ কৰিব পাৰে ।

আইনী অপসাৰণৰ আধাৰসমূহৰ সাৰাংশঃ WMF ৰ বেছিভাগ বৈশ্বিক নীতি কাৰ্য বিপদাশংকা মূল্যাঙ্কন/বিচাৰ কলৰ ওপৰত আধাৰিত, এক উজ্জ্বল ব্যাখ্যাৰ ওপৰত নহয়। অধিক সমস্যাপূৰ্ণ আইন প্ৰণয়ন প্ৰতিহত কৰিবলৈ কিছুমান নীতি ৰূপায়ণ কৰা হৈছে বুলিও চিন্তা কৰা হৈছিল ।

অনুৰোধৰ বাবে : বৈকল্পিক প্ৰস্তাৱ যি ভৱিষ্যতে গোলকীয় স্থান নীতিসম্পৰ্কে সম্প্ৰদায় আৰু WMF ৰ মাজত গুৰুত্বপূৰ্ণ বিবাদ হ্ৰাস কৰিব পাৰে, যদি নাইকিয়া নকৰে।

ব্যৱহাৰকাৰীৰ সুৰক্ষা

  • গোলকীয় পৰিষদে প্ৰশিক্ষণ আৰু সহযোগিতাৰ জৰিয়তে ব্যৱহাৰকাৰীৰ সুৰক্ষাত সহায় কৰাৰ ক্ষেত্ৰত এক পৰামৰ্শমূলক ভূমিকা পালন কৰে ।
  • আনুষ্ঠানিক কৰ্তৃপক্ষ প্ৰাসংগিক সংস্থাৰ সৈতে অব্যাহত আছে (স্থানীয় প্ৰকল্পসমূহ, সাৰ্বজনীন আচৰণ সংহিতা সমন্বয় সমিতি (U4C): ন্যাস আৰু সুৰক্ষা ইত্যাদি) ।

মধ্যস্থতা

  • য ' ত ২ বা ততোধিক সত্তাই তেওঁলোকৰ মাজত থকা গুৰুত্বপূৰ্ণ মতানৈক্য সমাধান কৰিব নোৱাৰে , তাত গোলকীয় পৰিষদে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব । গোলকীয় পৰিষদে বিবাদ নিষ্পত্তি আৰু মধ্যস্থতাক সহায় কৰাৰ লক্ষ্যৰে এক নিৰপেক্ষ পক্ষ হিচাপে কাম কৰিব ।

গাঁঠনি

[পাঠকলৈ টোকা: গোলকীয় পৰিষদ কেনেদৰে গঠন কৰিব লাগে তাৰ বাবে কিছুমান পৰিস্থিতি আছে যাৰ বিষয়ে আমি সম্প্ৰদায়ৰ সৈতে আলোচনাৰ সময়ত মতামত দিবলৈ সম্প্ৰদায়ক আমন্ত্ৰণ জনাম]

গঠন সম্পৰ্কীয় প্ৰশ্নসমূহ খোলা
  • গোলকীয় পৰিষদ কেৱল এক কাৰ্যবাহী সংস্থা হিচাপে বিদ্যমান থাকিব লাগে নে উপদেষ্টা মণ্ডলীৰ সৈতে কাৰ্যবাহী সংস্থা হিচাপে থাকিব লাগে? (তলৰ দৃশ্যসমূহ চাওক)
    • যদি গোলকীয় পৰিষদ এখন উপদেষ্টা মণ্ডলীৰ সৈতে এটা কাৰ্যবাহী পৰিষদ হয় , তেন্তে দুয়োটা সংস্থাৰ সদস্যসকল কেনেকুৱা হ " ব (কাৰ্যবাহী সংস্থা আৰু উপদেষ্টা মণ্ডলীৰ কেনেদৰে অধিৱেশন কৰে)
  • ইয়াৰ আকাৰৰ সৈতে গোলকীয় পৰিষদৰ পৰ্যাপ্ত বৈচিত্ৰ্য আৰু ক্ষমতা থাকিব লাগিব কিন্তু কাৰ্য্যকৰীতা হ্ৰাস কৰিব পৰাকৈ ইমান ডাঙৰ হ " ব নালাগে । এটা কাৰ্যবাহী সংস্থা হিচাপে গোলকীয় পৰিষদৰ কিমানজন সদস্য থাকিব লাগে?
    • বিকল্প ১: ৯-১৩ সদস্য
    • বিকল্প ২: ১৭-২১ সদস্য
A simple tree diagram showing the 2 scenarios described below.

দৃশ্য ১: এক কাৰ্যবাহী সংস্থা হিচাপে গোলকীয় পৰিষদ

গোলকীয় পৰিষদৰ কাৰ্যবাহী সংস্থাটো দুটা ভাগত গঠন কৰা হ'ব, XX আসনবোৰ মূলতঃ "প্ৰথম ভাগ" আৰু XX আসনবোৰ মূলতঃ "দ্বিতীয় ভগ"।[1][2]

উদাহৰণস্বৰূপে ১৭ জন সদস্যৰ এক গোলকীয় পৰিষদ ধৰি লোৱা; যদি গোলকীয় পৰিষদৰ আকাৰ বেলেগ হয় তেন্তে কম বেছি পৰিমাণে ৰখা হ ' ব ।
প্ৰথম ভাগ দ্বিতীয় ভাগ নিযুক্ত
সদস্যৰ সংখ্যা ৫ টা সম্প্ৰদায়-নিৰ্বাচিত
৩ টা সহযোগী-নিৰ্বাচিত
৫ টা সম্প্ৰদায়-নিৰ্বাচিত
২ টা সহযোগী-নিৰ্বাচিত
২ (যাৰ ভিতৰত ১ জন WMF ৰ কৰ্মচাৰী হ ' ব লাগিব)
নিৰ্বাচন প্ৰক্ৰিয়া সম্প্ৰদায়ৰ দ্বাৰা নিৰ্বাচিত আসনসমূহ মুকলি আৰু সম্প্ৰদায়ভিত্তিক নিৰ্বাচনত বাছনি কৰা হয় । সম্ভৱতঃ অত্যাধিক প্ৰকল্প উপস্থিতিৰ ওপৰত কিছু সীমাবদ্ধতাৰ সৈতে ।
একেটা প্ৰাৰ্থীৰ তালিকাৰ পৰা সহযোগী আসন বাছনি কৰা হয়, প্ৰতিটো অধ্যায়/বিষয়ভিত্তিক সংগঠন আৰু ব্যৱহাৰকাৰী-গোটৰ এটা উপগোটে ১ টা ভোট লাভ কৰে।
নিৰ্বাচিত গোলকীয় পৰিষদৰ সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত ।
WMF - এ তেওঁলোকৰ প্ৰতিনিধিসকলৰ প্ৰস্তাৱ আগবঢ়াব
সেৱাৰ ম্যাদ ২ বছৰৰ অবিকল্পিত ম্যাদ । গোলকীয় পৰিষদৰ প্ৰাৰম্ভিক অনবৰ্ডিং আৰু ভাগৰ আকাৰৰ পুনৰ - সন্তুলনৰ বাবে ব্যতিক্ৰমসমূহ প্ৰযোজ্য । সৰ্বাধিক আৰু 2 বছৰৰ চৰ্তাৱলী অবিকল্পিত, গোলকীয় পৰিষদে নিৰ্বাচনৰ সৈতে সংৰেখিত হ'বলৈ কম দৈৰ্ঘ্য নিৰ্দিষ্ট কৰিব পাৰে।
প্ৰতিনিধিত্ব/উদ্দেশ্য সদস্যসকলে সামগ্ৰিকভাৱে মুভমেণ্ট প্ৰতিনিধিত্ব কৰে । তেওঁলোকৰ উদ্দেশ্যসমূহ হ " ল গোলকীয় পৰিষদৰ লক্ষ্য আৰু নিৰ্বাচকসকলৰ প্ৰয়োজনীয়তা আৰু ইচ্ছাৰ দ্বাৰা নিৰ্ধাৰিত । প্ৰাথমিকভাৱে বিশেষ দক্ষতা আৰু অভিজ্ঞতা প্ৰদান কৰিবলৈ বনুৱা হৈছে ।
১৭ জন লোকৰ এক গোলকীয় পৰিষদৰ বাবে এটা ভাগৰ প্ৰণালীৰ উদাহৰণ
ভাগ ২০২৪ ২০২৫ ২০২৬ ২০২৭ ২০২৮ ২০২৯
৫ জন সদস্য ৫ জন সদস্য ৫ জন সদস্য
৫ জন সদস্য ৫ জন সদস্য ৫ জন সদস্য
৩ জন সদস্য ৩ জন সদস্য ৩ জন সদস্য
২ জন সদস্য ২ জন সদস্য ২ জন সদস্য
১ জন সদস্য ১ জন সদস্য ১ জন সদস্য
১ জন সদস্য ১ জন সদস্য ১ জন সদস্য

     সম্প্ৰদায়ৰ দ্বাৰা নিৰ্বাচিত আসনসমূহ      সহযোগী - নিৰ্বাচিত আসন      নিযুক্ত আসন      নিযুক্ত কৰা / WMF আসন


পৰিস্থিতি ২: পৰামৰ্শদাতা মণ্ডলীৰ সৈতে এক কাৰ্যবাহী সংস্থা হিচাপে গোলকীয় পৰিষদ

গোলকীয় পৰিষদৰ এটা পৰামৰ্শদাতা সংস্থা থাকিব; এই পৰামৰ্শদাতা সংস্থাটোৱে গোলকীয় পৰিষদৰ বাবে এক পৰামৰ্শ সংস্থা হিচাপে কাম কৰিব, লগতে সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰিব। এই সংস্থাটোত ৭0-১00 জন সদস্য থাকিব যিসকল নিৰ্বাচিত বা নিৰ্বাচিত হয়।

পৰিস্থিতি 2.1 পৰামৰ্শদাতা মণ্ডলী আৰু গোলকীয় পৰিষদ দুয়োটাই নিৰ্বাচন অনুসৰণ কৰে
পৰামৰ্শদাতা মণ্ডলী আৰু গোলকীয় পৰিষদৰ কাৰ্যবাহী মণ্ডলী দুয়োৰে বাবে বাছনি বা নিৰ্বাচন হ'ব।
পৰিস্থিতি ২.১.১
দুটা পৃথক বাছনি বা নিৰ্বাচন: এটা পৰামৰ্শদাতা মণ্ডলীৰ বাবে আৰু এটা গোলকীয় পৰিষদৰ কাৰ্যবাহী সংস্থা বাবে।
পৰিস্থিতি ২.১.২
এটা নিৰ্বাচন বা বাছনি প্ৰক্ৰিয়া, যাৰ দ্বাৰা শীৰ্ষ ৯-২১ (উপলব্ধ আসনৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি) প্ৰাৰ্থীসকল গোলকীয় পৰিষদৰ কাৰ্যবাহী সংস্থাত বহে, আৰু নিম্নলিখিত ৭0-১00 জন সদস্যই পৰামৰ্শদাতা মণ্ডলী গঠন কৰে।
পৰিস্থিতি ২.২ পৰামৰ্শদাতা মণ্ডলীএ গোলকীয় পৰিষদৰ কাৰ্যবাহী সংস্থা নিৰ্বাচন কৰে
পৰামৰ্শদাতা সংস্থাটো প্ৰথমে বাছনি/নিৰ্বাচিত হয়, আৰু তাৰ পিছত গোলকীয় পৰিষদৰ কাৰ্যবাহী সংস্থা হিচাপে কাম কৰিবলৈ তেওঁলোকৰ গোটৰ ভিতৰৰ পৰা ৯-২১ জন সদস্যক (উপলব্ধ আসনৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি) মনোনীত কৰে।

সদস্যতা

  • গোলকীয় পৰিষদৰ মূল গোটটোত মুঠ XX সদস্য থাকিব [ ওপৰত খোলা প্ৰশ্ন ] ।
    • ৯ - ১৩ জন সদস্য
    • ১৭ - ২১ জন সদস্য
  • গোলকীয় পৰিষদৰ সদস্যপদৰ ওপৰত সম্ভাব্য সীমাবদ্ধতা থকাৰ লগতে কোনো সীমাবদ্ধতা নাই (তলত প্ৰশ্নবোৰ চাওক) ।
  • গোলকীয় পৰিষদে ভোটদানৰ অধিকাৰ নথকা সদস্যসকলক পৰ্যবেক্ষণ কৰা ২ জনলৈকে WMF বা WMF বোৰ্ড অৱ ট্ৰেষ্টিৰ অনুমতি দিব পাৰে । গোলকীয় পৰিষদে এই পৰ্যবেক্ষক সদস্যসকলৰ বাবে উপযুক্ত চৰ্ত নিৰ্ধাৰণ কৰিব পাৰে ।
  • গোলকীয় পৰিষদৰ সদস্যসকল প্ৰতিবেদন সমিতি বা উপসমিতিৰ সদস্য হ'ব পাৰে। অৱশ্যে, যদি গোলকীয় পৰিষদক প্ৰতিবেদন দিয়া কোনো সমিতি বা উপসমিতিৰ গোলকীয় পৰিষদৰ সদস্য নাথাকে, তেওঁলোকৰ গোলকীয় পৰিষদৰ যোগাযোগ থাকিব লাগে।
  • গোলকীয় পৰিষদৰ যিকোনো সিদ্ধান্তত সকলো ভোটদানকাৰী সদস্যৰ ১টা ভোট থাকিব ।
  • সদস্যসকলে সামগ্ৰিকভাৱে ৱিকিমিডিয়াক সেৱা আগবঢ়াব লাগিব আৰু ৱিকিমিডিয়াৰ ভিতৰত কোনো উপ-গোট, অঞ্চল বা সত্তাৰ প্ৰতিনিধি হিচাপে সেৱা আগবঢ়োৱা নাই ।
  • প্ৰতিজন সদস্যই ২ বছৰৰ কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰে ।
সদস্যপদৰ সম্পৰ্কে মুকলি প্ৰশ্ন

গোলকীয় পৰিষদৰ ভিতৰত ন্যায্য প্ৰতিনিধিত্ব, ক্ষমতাৰ ভাৰসাম্য নিশ্চিত কৰাৰ উদ্দেশ্যেৰে আৰু বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ প্ৰচাৰৰ উদ্দেশ্যে আমি নিম্নলিখিত বিষয়সমূহৰ ওপৰত আপোনাৰ মতামত বিচাৰোঁঃ

  1. মুভমেণ্টৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত সদস্যসকলৰ বাবে কিছুমান আৰোপিত সীমা উচিত নেকি?

অনুগ্ৰহ কৰি এনে সীমাৰ সম্ভাৱ্য মানদণ্ডৰ বিষয়ে আপোনাৰ মতামত ভাগ বতৰা কৰকঃ

  1. এটা আঞ্চলিক cap থাকিব লাগে নেকি যেনে এটা অঞ্চলৰ পৰা সৰ্বাধিক ৩ জন লোক যদি হয় অনুগ্ৰহ কৰি উল্লেখ কৰক ।
  2. এটা ঘৰুৱা প্ৰকল্প বা প্ৰতিষ্ঠান থাকিব লাগে নেকি যেনে এটা ৱিকি প্ৰকল্পৰ বা সহযোগী প্ৰকল্প পৰা সৰ্বাধিক ২ জন ব্যক্তি? যদি হয়, অনুগ্ৰহ কৰি উল্লেখ কৰক ।
  3. বৃহৎ পৰিমাণৰ বাবে এটা নিৰ্দিষ্ট সীমা থাকিব লাগে নেকি[3] হয়, যেনে 5 টা সৰ্ববৃহৎ প্ৰকল্পৰ মাজৰ পৰা 5 খনতকৈ অধিক আসন নহয়? যদি হয়, অনুগ্ৰহ কৰি উল্লেখ কৰক।
  4. গোলকীয় পৰিষদৰ সদস্যপদৰ বাবে আন কোনো সীমা থাকিব লাগে

নিকি? যদি হয়, অনুগ্ৰহ কৰি উল্লেখ কৰক ।

নিৰ্বাচন প্ৰক্ৰিয়া

  • প্ৰতিটো খণ্ডৰ নিৰ্বাচনৰ বাবে সকলো মনোনয়ন একক প্ৰাৰ্থী তালিকাৰ বাবে কৰা হয় ।
  • সম্প্ৰদায়ৰ দ্বাৰা নিৰ্বাচিত সদস্যসকলক একক স্থানান্তৰযোগ্য ভোটদান ব্যৱস্থা ব্যৱহাৰ কৰি বৃহৎ পৰিমাণে বাছনি কৰা হ ' ব ।
  • নিৰ্বাচিত আসনসমূহ সহযোগী প্ৰতিষ্ঠানসমূহে একক স্থানান্তৰযোগ্য ভোটদান প্ৰণালী ব্যৱহাৰ কৰি বাছনি কৰিব আৰু প্ৰতিটো সহযোগী প্ৰতিষ্ঠানে ১টা ভোট লাভ কৰিব ।
  • শীৰ্ষ সহযোগী স্থানপ্ৰাপ্ত প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰা হ'ব আৰু প্ৰাৰ্থিত্বতালিকাৰ পৰা আঁতৰাই দিয়া হ'ব। তাৰ পিছত, শীৰ্ষ সম্প্ৰদায়ৰ স্থানপ্ৰাপ্ত প্ৰাৰ্থীসকল নিৰ্বাচিত কৰা হ'ব।
  • সামূহিক ভোটদানৰ বাবে যোগ্যতাৰ মানদণ্ড অনুমোদিত মুভমেণ্টৰ মানদণ্ডৰ সৈতে মিলিব লাগিব।

প্ৰাৰ্থীৰ মানদণ্ড আৰু সীমাবদ্ধতা

  • মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থীসকলে WMF ব'ৰ্ড অৱ ট্ৰেষ্টি নিৰ্বাচনৰ বাবে ভোটাৰৰ যোগ্যতাৰ চৰ্ত পূৰণ কৰিব লাগিব

প্ৰাৰ্থীসকলক WMF, সহযোগী, বা হাব, কৰ্মচাৰী/ঠিকাদাৰক বেতন দিব পাৰে কিন্তু নিৰ্বাচনৰ আৰম্ভণিতে এই তথ্য স্পষ্টভাৱে প্ৰকাশ কৰিব লাগিব।

  • সদস্যসকলে পদৰ পৰা পদত্যাগ নকৰাকৈ কাৰ্যকালত বেতনভোগী কৰ্মচাৰী হ’ব নোৱাৰিব।
  • সদস্যসকলে কেৱল একেৰাহে চাৰি বছৰহে সেৱা আগবঢ়াব পাৰে (দুটা সম্পূৰ্ণ কাৰ্যকালৰ সমতুল্য) গোলকীয় পৰিষদ ৰ সদস্য হিচাপে।

এজন সদস্যৰ কাৰ্যকাল একেৰাহে নহ’বলৈ ছমাহৰ সময়সীমাৰ প্ৰয়োজন হয়।

  • প্ৰাৰ্থীসকল ভাল সম্প্ৰদায়ৰ স্থিতিত থাকিব লাগিব (অৰ্থাৎ তেওঁলোকক বৰ্তমান নিলম্বিত কৰা হোৱা নাই বা অন্যথা অংশগ্ৰহণ কৰাত বাধা দিয়া হোৱা নাই) ।
  • সদস্যসকলে গোলকীয় পৰিষদৰ কাৰ্যকলাপত নিৰন্তৰভাৱে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।
  • সদস্যসকলে অপ্ৰকাশ চুক্তিকে ধৰি উপযুক্ত ব্যক্তিগত তথ্য নীতিৰ চৰ্তসমূহত স্বাক্ষৰ আৰু মানি চলিবলৈ ইচ্ছুক হ’ব লাগিব।

সীমাবদ্ধতা আৰু সুৰক্ষা ব্যৱস্থা

[ ক্ষমতা আৰু দায়িত্বৰ ওপৰত অধিক অগ্ৰগতিৰ পিছত লিখা হ ' ব কাৰণ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰয়োজনীয় স্তৰৰ সীমাবদ্ধতা / সুৰক্ষা ব্যৱস্থা পৃথক হ ' ব ।]

পৰিশিষ্ট

  1. পৰিশিষ্ট (ৰূপায়ণ): মূল নিৰ্বাচন প্ৰক্ৰিয়াত, শীৰ্ষ ৬ জন সম্প্ৰদায়-নিৰ্বাচিত আৰু শীৰ্ষ ৩-সহযোগী নিৰ্বাচিত সদস্যসকলে প্ৰথম ভাগত ৩ বছৰৰ ম্যাদ প্ৰাপ্ত কৰিব, বাকী সদস্যসকলে দ্বিতীয় ভাগত বছৰৰ ম্যাদ প্ৰাপ্ত কৰিব। দ্বিতীয় বছৰৰ শেষত, দ্বিতীয় ভাগএ এটা নিৰ্বাচন চলাব, সদস্যসকলে তাৰ পিছত ২ বছৰৰ ম্যাদ প্ৰাপ্ত কৰিব।
  2. পৰিশিষ্ট (পদত্যাগ): পদত্যাগৰ ক্ষেত্ৰত (বা অন্য কোনো কাৰ্যকালৰ বাবে পদৰ পৰা অপসাৰণৰ ক্ষেত্ৰত) সেই আসন পৰৱৰ্তী নিৰ্বাচনত পূৰণ কৰা হ ' ব । যদি এটা পৰিৱৰ্তনৰ ফলত ভাগৰ আকাৰ ৯ জন সদস্যলৈ বৃদ্ধি পায় তেন্তে নতুন আসনটো এটা সম্পূৰ্ণ কাৰ্যকাল হ ' ব । যদি এটা ভাগ ১০+ আসনলৈ বৃদ্ধি পায় তেন্তে তলৰ স্থানৰ আগত অহা সদস্যসকলে ১ বছৰৰ কাৰ্যকাল লাভ কৰিব।
  3. যিটো প্ৰকল্পৰ বাবে সক্ৰিয় সম্পাদকৰ সংখ্যা আৰু সহযোগী ভাষা সম্প্ৰদায়, প্ৰকল্প বা সহযোগী সকলৰ বাবে ভোটদান সদস্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা

অধিক পঢ়ক