হাগল

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Huggle and the translation is 100% complete.
Shortcut:
HG


হাগলৰ বিষয়ে

তথ্যসমূহ

হাগল হৈছে এক দ্ৰুত ডিফ ব্ৰাউজাৰ এপ্লিকেচন যাৰ উদ্দেশ্য হৈছে ৱিকিমিডিয়া প্ৰকল্পত ভাংচুৰৰ সৈতে মোকাবিলা কৰা, C++ ত লিখা। ইয়াক মূলতঃ গুৰ্চৰ দ্বাৰা .NET ত বিকশিত কৰা হৈছিল, যি এতিয়া এই প্ৰকল্পটোত সক্ৰিয় নহয়। যিকোনো লোকে হাগল ডাউনলোড কৰিব পাৰে, কিন্তু ইংৰাজী ৱিকিপিডিয়াত ইয়াক অনিয়ন্ত্ৰিত মোডত ব্যৱহাৰ কৰিবলৈ ৰোলবেক অনুমতিৰ প্ৰয়োজন।

হাগলপ্ৰকৃত সময়ত ৱিকিপিডিয়াত প্ৰস্তুত কৰা সম্পাদনাবোৰ লোড আৰু সমীক্ষা কৰিবলৈ সক্ষম হয়, ব্যৱহাৰকাৰীসকলক অগঠনমূলক সম্পাদনা চিনাক্ত কৰাত সহায় কৰে, আৰু সেইবোৰ সোনকালে ঘূৰাই আনিবলৈ অনুমতি দিয়ে। সম্পাদনা এটা গঠনমূলক নে নহয় তাৰ সিদ্ধান্ত ল'বলৈ বিভিন্ন প্ৰণালী ব্যৱহাৰ কৰা হয়। ই এক অৰ্ধ-বিতৰণ মডেল ব্যৱহাৰ কৰে য'ত "প্ৰদানকৰ্তা" ব্যৱহাৰ কৰি সম্পাদনা পুনৰুদ্ধাৰ কৰা হয় (ই যিকোনো বস্তু হ'ব পাৰে যি সম্পাদনা তথ্যৰ এটা স্ট্ৰিম বিতৰণ কৰিবলৈ সক্ষম হয়, যেনে ৱিকিপিডিয়া এপিআই বা আইআৰচি শেহতীয়া পৰিৱৰ্তন ফীড), এই সম্পাদনাবোৰ প্ৰাক-বিশ্লেষণ আৰু বিশ্লেষণ কৰা আৰু তথ্যবোৰ অন্যান্য সঁজুলিৰ সৈতে ভাগ বতৰা কৰা, যেনে ক্লুবট এনজি। হাগলে কেইবাটাও স্ব-শিক্ষণ প্ৰণালীও ব্যৱহাৰ কৰে, যাৰ ভিতৰত আছে এক বিশ্বব্যাপী বগা-তালিকা (বিশ্বাসযোগ্য বুলি গণ্য কৰা ব্যৱহাৰকাৰী) আৰু ব্যৱহাৰকাৰী-বেয়াৰ নম্বৰ যাক গ্ৰাহকৰ কম্পিউটাৰত স্থানীয়ভাৱে সঞ্চিত কৰা হয়।

এই প্ৰকল্পটো ৱিকিমিডিয়া বিকাশকাৰী সম্প্ৰদায়ৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা হয়, আৰু যিকোনো ব্যক্তিয়ে এই প্ৰকল্পটোত বিকাশক হিচাপে যোগদান কৰিবলৈ স্বাগতম জনায়। যদি আপোনাক ভঁৰাললৈ প্ৰৱেশাধিকাৰৰ প্ৰয়োজন হয় তেন্তে অনুগ্ৰহ কৰি Petrb বা Addshore সোধক।

টোকা: থার্ড পাৰ্টি ছাইটবোৰতো হুগল স্থাপন কৰা সম্ভৱ। যদি আপুনি মিডিয়াৱিকি ৱিকিৰ ৰক্ষণাবেক্ষণকাৰী আৰু আপুনি তাত হাগল ব্যৱহাৰ কৰিব বিচাৰে, অনুগ্ৰহ কৰি হাগল স্থাপনৰ বাবে মেনুৱেল অনুসৰণ কৰক।

ডেভেলপাৰ তালিকা চাওক
বৰ্তমান স্থিতিশীল 3.4.12
নথিপত্ৰ হাগল মেনুৱেল
গিট গিটহাবত
মেইলিং লিষ্ট huggle@wikimedia