মুভমেণ্ট চাৰ্টাৰ/বিষয়বস্তু/প্ৰমূল্য আৰু নীতিসমূহ

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Movement Charter/Content/Values & Principles and the translation is 100% complete.


MCDC সদস্যৰ দ্বাৰা প্ৰমূল্য আৰু নীতিসমূহ অধ্যায়ৰ বিষয়ে উপস্থাপন Georges Fodouop.

ৱিকিমিডিয়া মুভমেন্টে জ্ঞানৰ এক বাস্তৱিক, পৰীক্ষাযোগ্য, মুকলি আৰু সৰ্বাংগীন দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে। ৱিকিমিডিয়া প্লেটফৰ্মে আয়োজন কৰা প্ৰকল্পসমূহ স্বতন্ত্ৰ পদক্ষেপৰ দ্বাৰা পৰিচালিত হয় আৰু ই বিশ্বব্যাপী দৰ্শকমণ্ডলীক জ্ঞান প্ৰদান কৰে। ইয়াৰ নীতি আৰু দৈনন্দিন ব্যৱহৃত পদ্ধতিসমূহ মুভমেণ্ট কৌশলৰ নীতি আৰু মুভমেণ্ট চাৰ্টাৰত প্ৰতিষ্ঠিত প্ৰমূল্যৰ ভাৰসাম্যৰ দ্বাৰা পৰিচালিত হয়‌ আৰু ইয়াৰ লগতে সম্প্ৰদায়ৰ মাজত অনুশীলন কৰা পদ্ধতি– যিসমূহ পদ্ধতিয়ে সকলো ঠাইতে সকলো ৱিকিমিডিয়ানক সমতাৰ ভিত্তিত অংশগ্ৰহণ কৰিব পৰাকৈ শক্তিশালী কৰি তোলে।

ইয়াৰ প্ৰমূল্য আৰু নীতিসমূহে স্বীকাৰ কৰে যে জ্ঞান বিনিময়ৰ এই পদ্ধতিটো এটা সহযোগিতামূলক প্ৰচেষ্টা, আৰু ইয়াৰ লক্ষ্য হৈছে:

মুক্ত আৰু মুকলি জ্ঞান

ৱিকিমিডিয়া মুভমেন্টে ইয়াৰ সকলো বিষয়বস্তু, চফ্টৱেৰ আৰু সকলো প্লেটফৰ্ম, মুক্ত অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰি, বিশ্বৰ সৈতে ভাগ-বতৰা কৰিছে। ইয়াৰ উপৰিও ই ঐতিহাসিকভাৱে প্ৰান্তীয়কৃত জ্ঞানক অন্তৰ্ভুক্ত কৰাৰো প্ৰতিশ্ৰুতি লয় - এই ক্ষেত্ৰত ইয়াৰ প্ৰকল্পসমূহো ব্যতিক্ৰম নহয় ।

স্বাধীনতা

ৱিকিমিডিয়া মুভমেন্টে স্বতন্ত্ৰভাৱে আৰু কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ (যি পক্ষপাতিত্বি মুক্ত জ্ঞান অভিযানত বাধাৰ সৃষ্টি কৰিব পাৰে) কাম কৰিবলৈ চেষ্টা কৰিছে। এই মুভমেণ্ট বাণিজ্যিক, ৰাজনৈতিক বা অন্যান্য আৰ্থিক বা প্ৰচাৰমূলক প্ৰভাৱৰ দ্বাৰা পৰিচালিত নহয়।

সমাৱেশীকৰণ

ৱিকিমিডিয়া মুভমেন্টে এটা উমৈহতীয়া স্থানক মূল্য দিয়ে য'ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, আৰু জনকেন্দ্ৰিক দৃষ্টিভংগীৰে সহ-সৃজন কৰিব পাৰে। প্ৰকল্পসমূহ অনেক ভাষাত উপস্থাপন কৰাৰ উপৰিও সাৰ্বজনীন ডিজাইন আৰু সহায়ক প্ৰযুক্তিৰ সৈতে বিভিন্ন মঞ্চত উপলব্ধ হয়। মুভমেণ্ট ৰ অৰ্ন্তগতত কৰা কামৰ মূল ভিত্তি হৈছে সম্প্ৰদায়ৰ বৈচিত্ৰ্যতা আৰু অধিকাৰৰ প্ৰতি সন্মান কৰা। তেনে কৰিবলৈ মুভমেণ্ট ত জৰিত ব্যক্তিসকলে সাৰ্বজনীন আচৰণ বিধিৰ পৰিপূৰক আচৰণ বিধিসমূহ স্থাপন আৰু বলবৎ কৰিব লাগিব, যাতে সকলোৱে নিজৰ অৱস্হিতিক মূল্যৱান আৰু সম-অংশীদাৰ হিচাপে অনুভৱ কৰে।

সহায়কতা

ৱিকিমিডিয়া মুভমেন্টে অতি তাৎক্ষণিক বা উপযুক্ত স্থানীয় পৰ্যায়ত কৰ্তৃত্বৰ ক্ষেত্ৰত মঞ্চৰ ব্যৱস্হা আৰু সাংগঠনিক শাসন দুয়োটাতে দায়িত্ব অৰ্পণ কৰে। মুভমেণ্টৰ জৰিয়তে বিশ্ব মুভমেণ্ট ৰ মূল্যবোধ অনুসৰি কাম কৰা সম্প্ৰদায়সমূহৰ এক সক্ষম আত্ম-পৰিচালনা আৰু স্বায়ত্তশাসন নিশ্চিত কৰিছে।

ন্যায়

ৱিকিমিডিয়া মুভমেণ্ট ৰ দ্বাৰা সম্প্ৰদায়সমূহে অসমান বিশ্বত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বৈচিত্ৰ্যতাক স্বীকৃতি দি তেওঁলোকক শক্তিশালী কৰি তোলা। ডিজিটেল অধিকাৰৰ ক্ষেত্ৰত ব্যৱহাৰকৰ্তাসকল আৰু অংশগ্ৰহণকাৰীসকলৰ সুৰক্ষা আৰু গোপনীয়তা সামগ্ৰিকভাৱে মুভমেণ্ট টোৰ প্ৰধান বিষয়। প্ৰদত্ত মুভমেন্টে জ্ঞানৰ সমতাৰ বাবে এক সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনা আৰু সম্প্ৰদায় সৱলীকৰণৰ জৰিয়তে সম্পদ আবণ্টনৰ ব্যৱস্থা কৰিছে।

উত্তৰদায়ী

ৱিকিমিডিয়া মুভমেন্টে সম্ভৱপৰ স্হানত ভাগ-বতৰা কৰা সম্পাদনযোগ্য নথিপত্ৰৰ স্বচ্ছতা, ৰাজহুৱা জাননী আৰু কাৰ্যসূচী আৰু কাৰ্য্যকলাপৰ প্ৰতিবেদন, আৰু চাৰ্টাৰত উল্লেখ কৰা ভূমিকা আৰু দায়িত্বৰ বাবে সম্প্ৰদায়ৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰা কণ্ঠক অগ্ৰাধিকাৰ দিয়া নিজকে উত্তৰদায়ী হিচাপে বিবেচনা কৰে ।

সহনশীলতা

ৱিকিমিডিয়া মুভমেন্টে উদ্ভাৱন আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা মুক্ত জ্ঞানৰ মঞ্চ কি হ’ব পাৰে তাৰ দৃষ্টিভংগীক নিৰন্তৰ নবীকৰণ কৰাত লাভাম্বিত হৈছে। মুভমেন্টে ফলপ্ৰসূ কৌশল আৰু অনুশীলন অনুসৰণ কৰে যিসমূহৰ সম্ভৱপৰ স্হানত অৰ্থপূৰ্ণ মেট্ৰিক ভিত্তিক প্ৰমাণৰ জৰিয়তে সমৰ্থন আৰু পৰিচালিত কৰিব পাৰি। ৱিকিমিডিয়া মুভমেণ্টৰ সৈতে জৰিত ব্যক্তিসকলে ইয়াৰ গাঁথনি আৰু সম্প্ৰদায়সমূহৰ মাজেৰে বহনক্ষমতাৰ সংস্কৃতিক প্ৰসাৰিত কৰে।