মুভমেণ্ট চাৰ্টাৰ/বিষয়বস্তু/প্ৰস্তাৱনা
![]() | This is a draft or part of the draft of the Wikimedia Movement Charter. These drafts are the result of extensive effort between different entities within the Wikimedia movement and we are delighted to share them with you. Help us improve them by sharing your thoughts on the talk page or at a community consultation event. |

ৱিকিমিডিয়া মুভমেণ্ট (“মুভমেণ্ট”) ৰ জৰিয়তে মুক্ত জ্ঞানৰ সহযোগিতামূলক সৃষ্টি, নিৰাময় আৰু বিশ্বব্যাপী উপলব্ধতাৰ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰদত্ত মুভমেণ্টত সম্পাদক, অংশগ্ৰহণকাৰী, প্ৰকল্প, সহযোগীসকল, হাব, কাৰিকৰী স্থানসমূহ, ৱিকিমিডিয়া ফাউণ্ডেশ্যন, আৰু অন্যান্য বৰ্তমান আৰু ভৱিষ্যতৰ সত্তাসমূহক লৈ সংগঠিত।
ৱিকিমিডিয়া মুভমেণ্ট চাৰ্টাৰ (“চাৰ্টাৰ”) ৰ অস্তিত্ব হৈছে প্ৰকৃততে ৱিকিমিডিয়া মুভমেণ্ট, ইয়াৰ মৌলিক মূল্যবোধ আৰু নীতিসমূহৰ সংজ্ঞা নিৰ্ধাৰণৰ কৰা। এই চাৰ্টাৰ, মুভমেণ্টৰ সকলো অংশীদাৰৰ মাজৰ সম্পৰ্ক, আৰু তেওঁলোকৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰা এটি আনুষ্ঠানিক চুক্তি। ই বৰ্তমান আৰু ভৱিষ্যতে সৃষ্টি হোৱা দুয়োটা সত্তাৰ ক্ষেত্ৰতেই সমানেই প্ৰযোজ্য।
বিভিন্ন ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সৈতে জড়িত বিভিন্ন দেশৰ সম্প্ৰদায়ৰ ব্যক্তিয়ে এই চাৰ্টাৰ প্ৰস্তুত কৰিছে। চাৰ্টাৰৰ বাবে সম্প্ৰদায়ৰ সহমত আনুষ্ঠানিক অনুমোদন প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰা হৈছে। ই সমগ্ৰ মুভমেণ্টটোৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। মুভমেণ্ট চাৰ্টাৰখন ৱিকিমিডিয়া মুভমেণ্টৰ অৰ্ন্তৰগতত থকা সকলো অংশগ্ৰহণকাৰী, সত্তা আৰু কাৰিকৰী স্থানৰ বাবে প্ৰযোজ্য। আনুষ্ঠানিকভাৱে মুভমেণ্টৰ সত্তাৰ সৈতে জড়িত অফ-ৱিকি স্থানসমূহৰ ক্ষেত্ৰতো এই চাৰ্টাৰখন প্ৰযোজ্য হয়।
মুভমেণ্টৰ ভিতৰচৰাত, বিভিন্ন দিশক কেন্দ্ৰ কৰি একাধিক ভাষাত মুকলিকৈ সম্পাদনাযোগ্য তথ্যমূলক ৱেবছাইট (“প্ৰকল্পসমূহ”)ৰ এক বিস্তৃত পৰিসৰ আছে। বিষয়বস্তু সৃষ্টি, বিষয়বস্তু ব্যৱস্থাপনা, আৰু সম্প্ৰদায়ৰ আচৰণৰ ক্ষেত্ৰত প্ৰকল্পসমূহ বহুলাংশে স্ব-শাসিত। কিছুমান বিষয়বস্তু স্ব-শাসনৰ অধীনত পৰিচালনা/নিয়ন্ত্ৰণ কৰিব নোৱাৰি, কিন্তু স্থানীয় পৰ্যায়ত স্পষ্টভাৱে কাম কৰিব নোৱাৰা ঠাইত বিভিন্ন সংস্থাই পৰিচালনা কৰি আছে। এই সংস্থাসমূহৰ ভিতৰত: সামগ্ৰিকভাৱে প্ৰকল্পসমূহ; মুভমেণ্ট; ৱিকিমিডিয়া ফাউণ্ডেশ্যন; আৰু গ্ল’বেল কাউন্সিল সাঙুৰি লৈছে, যদিও এইসমূহৰ মাজতেই সীমাৱদ্ধ নহয়। প্ৰতিটো গোটে, যেতিয়াই সম্ভৱ হয় অংশগ্ৰহণকাৰীসকলৰ আটাইতকৈ ওচৰৰ স্তৰৰ পৰা কাম কৰিব লাগিব। এই মুভমেণ্টত নিৰ্দিষ্ট বিষয় বা ভৌগোলিক অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা গোটকে অন্তৰ্ভুক্ত কৰা হৈছে। এই গোটসমূহৰ ভূমিকা হ’ল প্ৰকল্পসমূহক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা।
প্ৰকল্প আৰু গোটসমূহৰ পৰিপূৰক কৰি বিভিন্ন ভূমিকাৰ সৈতে এক বিস্তৃত আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা হৈছে; কিন্তু ইয়াৰ মাজতেই সীমাবদ্ধ নহয়:
- মুভমেণ্টটোৰ কাৰিকৰী প্ৰয়োজনীয়তা আৰু ইয়াৰ বাবে পাঠকসকলক বিষয়বস্তুৰ সহায় প্ৰদান কৰা হৈছে:
- ৱিকিমিডিয়া ফাউণ্ডেশ্যন
- আগ্ৰহী সহযোগীসকল
- নিৰ্দিষ্ট কাৰিকৰী প্ৰকল্পত কাম কৰা অনুদানকাৰী আৰু ঠিকাদাৰসকল
- স্বেচ্ছাসেৱী বিকাশকাৰীসকল, যিসকলে মিডিয়াৱিকিৰ সম্প্ৰসাৰণ, স্থানীয় প্ৰকল্পৰ বাবে লিপি আৰু বিশ্বব্যাপী কৰি প্ৰকল্পসমূহৰ সমৰ্থন কৰে
- বিশেষ কাৰিকৰী সমৰ্থন চফ্টৱেৰ (যেনে, ফেব্ৰিকেটৰ)
- বাহ্যিক সহায়কসকল (যেনে, GitHub)
- চলিত জ্ঞানৰ বিকাশ আৰু ধৰি ৰখাৰ বাবে আৰ্থিক আৰু অন্যান্য সম্পদ প্ৰদান কৰা, ইয়াত অন্তৰ্ভুক্ত আছে:
- WMF, ৱিকিমিডিয়া এনডাউমেণ্ট, ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজ, আৰু সংযুক্ত প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ধন সংগ্ৰহ। ইয়াৰ ভিতৰত তৃতীয় পক্ষৰ পৰা অনুদান বিচৰা, গ্ৰহণ কৰা আৰু পৰিচালনা কৰাৰ লগতে চুক্তি কৰাটোও অন্তৰ্ভুক্ত
- ৱিকিমিডিয়া ফাউণ্ডেশ্যন, সংযুক্ত প্ৰতিষ্ঠান, অনানুষ্ঠানিক গোট, আৰু প্ৰকল্পসমূহৰ অৰ্ন্তগত স্বেচ্ছাসেৱকসকলে দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ বাবে কৰা সহায়
- ব্যক্তিগত সংযুক্ত প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰযোজ্য নীতি, পদ্ধতি আৰু নিৰ্দেশনাসমূহ, সংযুক্ত সংস্থাসমূহে, তেওঁলোকৰ কৰ্মচাৰী আৰু তেওঁলোকৰ স্বেচ্ছাসেৱকসকলে (প্ৰয়োজন অনুসৰি ব'ৰ্ডৰ সদস্যসকলেও) পৰিচালনা কৰে।
- য'ত স্থানীয় প্ৰকল্প এটাই নিজে কাম কৰাটো সম্ভৱপৰ নহয়, তাত জ্ঞানৰ বিতৰণ আৰু ব্যৱহাৰ কৰিব পৰাকৈ এটা নিৰাপদ আৰু উৎপাদনশীল পৰিৱেশৰ সৃষ্টি কৰা আৰু তাক আগুৱাই লৈ যোৱা, ইয়াত অন্তৰ্ভুক্ত আছে:
- বিশ্ব সম্প্ৰদায় আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বিশ্বব্যাপী প্ৰযোজ্য নীতি, পদ্ধতি আৰু নিৰ্দেশনাসমূহ
- ব্যক্তিগত প্ৰকল্পৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি, পদ্ধতি আৰু নিৰ্দেশনা, যিবোৰ প্ৰকল্প আৰু তেওঁলোকৰ স্বেচ্ছাসেৱকসকলে পৰিচালনা কৰে
- কাৰিকৰী আৰু মানৱ সম্পদৰ জৰিয়তে ব্যৱহাৰকাৰীসকল আৰু অংশগ্ৰহণকাৰীসকলৰ সুৰক্ষাক সমৰ্থন কৰা প্ৰক্ৰিয়াসমূহ,
- ব্যক্তিগত ব্যৱহাৰকাৰীসকলৰ বাবে আইনী সমৰ্থন আৰু স্থানীয় সংযুক্তসকলৰ সৈতে যোগাযোগ
- আইনী আৰু নিয়ন্ত্ৰণমূলক পৰিৱৰ্তনৰ পোষকতা কৰা যিসমূহে বিনামূলীয়া জ্ঞানৰ অধিক আৰু নিৰাপদ অভিগমণ প্ৰদান কৰে
এই আন্তঃগাঁথনি মুভমেণ্টৰ বাহিৰৰ সীমাবদ্ধতাৰ দ্বাৰা সীমিত। সমান্তৰালভাৱে এই সমৰ্থন মুভমেণ্টৰ আভ্যন্তৰীণ মূল্যবোধ আৰু সম্পদৰ সৈতে মিলিব লাগিব।